ডেচ্দিমোনা কাব্য/প্ৰস্তাবনা
|
মহাকবি চেক্ষপীৰৰ কবি-প্ৰতিভা সাহিত্য জগতত অতুলনীয়৷
বিশেষকৈ ওেঁওৰ “মেকবেথ“ “হেমলেট“ “ওথেলো“ আৰু “কিং লিয়ৰ“
এই নাটক চাৰিখনি কবিৰ অপূৰ্ব্বসৃষ্টি৷
“ডেচ্ দিমোনা“— কবিৰ “ওথেলো নাটকৰ প্ৰধান নায়িকা, ৱেবান্তিও নামে ভেনিচৰ এজন মন্ত্ৰীৰ একমাত্ৰ ছোৱালী, অতুল ঐশ্বৰ্য্যৰ অধিকাৰিনী আৰু জগতত অতুলনায়া সুন্দৰা৷ ডেচ্ দিমোনা সুন্দৰী যেনে, তেওঁৰ ক্ষুদ্ৰ অন্তকৰণত প্ৰেমো তেনে অসীম—ভালপোৱাও তেনে গভীৰ৷ সেই প্ৰেম আৰু ভালপোৱা কিছু ওথেলো নামে এক কৃষ্ণকায় “মুৰ” বা কাফ্ৰিৰ ভাগ্যত৷ ওথেলো ভেনিচৰ প্ৰধান সেনাপতি৷ ডেচ্ দিমোনাৰেই দৰে ওথেলোও এজন প্ৰেমিক পুৰুষ, কিন্তু he loved too well but not wisely, অৰ্থাৎ ওথেলোৱে ডেচ্ দিমোনাক হৃদয়বান পুৰুষৰ দৰে ভাল পাইছিল সঁচা কিন্তু তেওঁৰ সেই ভালপোৱা জ্ঞানৱান পুৰুষৰ ভালপোৱাৰ দৰে নাছিলে৷
ওথেলোৰ ভাগ্য অনুকুল নহয়। ডেচ্ দিমোনাৰ সেই অসীম ভালপোৱা আৰু পবিত্ৰ প্ৰেম ওথেলোৰ ভাগ্যত সৰহ দিনলৈ নাথাকিল। মাজতে হঠাৎ ঈৰ্ষ্যাৰূপী বহ্ণি সোমাই হতভগীয়া ওথেলৰ জীৱনৰ সুখ শান্তি পুৰি ভস্মীভূত কৰিলে। [ প্ৰস্তাৱনা ] এই ঈৰ্ষাগ্নিৰ মূল হৈছে “ইয়াগো”- ইয়াগো স্বয়ং পাপ বা সয়তানৰ অৱতাৰ৷ ইয়াগাে এজন সৈনিক৷ কেচিও নামে ইয়াগােতকৈ বয়সে সৰু এজন সৎভাৱৰ সৈনিক আছিল৷ ওথেলোৱে ইয়াগােক তল কৰি কেচিওক পদোন্নতি দিলে, ইয়াতেই ইয়াগোৰ হিংসাৰ জুই দপ্ কৰি জ্বলি উঠিল! ইয়াগােৰ বিশ্বাস কেচিও তেওঁতকৈ অনেক গুণে নিকৃষ্ট, অথচ তেওঁৰ নিজৰ পদোন্নতি নহৈ কেচিওৰ হল, ই নিতান্ত অন্যায়৷ ইয়াগোৱে ভাবিলে যে তেওঁৰ পক্ষে এইটো মহৎ অন্যায় আচৰণ কৰা হৈছে, আৰু এই অন্যায় আচৰণৰ মূল হৈছে ওথেলো! কাজেই, ইয়াগোৱে এতিয়া ওথেলােৰ সৰ্ব্বনাশ কৰিবলৈ সুবিধা চাই ফুৰিবলৈ ধৰিলে৷
সুবিধা চাই, ইয়াগোৱে এদিন ঘৈণীয়েকৰ হতুৱাই ডেচ্দিমােনাৰ ৰুমাল এখন চুৰকৰাই আনি, কেচিওৰ ছোলাৰ জেপত গােপনে সুমুৱাই থলেহি৷ এই ৰুমালখন ওথেলােৱে প্ৰেমৰ চিন স্বৰূপে ডেচ্দিমােনাক দিছিল৷ ইয়াগোৰ ঘৈণীয়েকৰ নাম এমিলীয়া, এমিলীয়া ডেচ্দিমােনাৰ সখী৷ ইফালে ইয়াগােৱে ডেচ্দিমােনাৰে কেচিওৰে ভিতৰত গুপ্ত প্ৰণয় আছে বুলি ওথেলােৰ মনত মিছামিছি কৈ বিষম সন্দেহ জন্মাই দিলে আৰু তাৰ প্ৰমাণ স্বৰূপে ওথেলােক মনেমনে মাতি নি, কেচিওৰ ছোলাৰ জেপত সেই ৰুমালখন দেখুৱাই দি কেচিওৰে সৈতে ডেচ্দিমােনাৰ অবৈধ প্ৰণয়ৰ প্ৰমাণ কৰি পেলালে৷
হতভগীয়া ওথেলোৱে কিন্তু বুজিও যেন নুবুজিলে আৰু দেখিও নেদেখিলে৷ মন্ত্ৰমুগ্ধৰ দৰে, ইয়াগোৱে যিহকে কয়, তাকে ধ্ৰুব বিশ্বাস কৰিবলৈ ধৰিলে৷ ওথেলোৱে ভাবিলে, —ডেচ্দিমােনা তেওঁৰ প্ৰাণৰ ডেচ্দিমােনা অসতী! ওথেলোৰ প্ৰাণৰ প্ৰাণ ডেচ্দিমােনা অসতী হ’ল! ওথেলোৱে ভাবিলে, তেনেহ’লে এতিয়াও স্বৰ্গ আছে কিয়? এতিয়াও [ প্ৰস্তাৱনা ] পৃথিবী পতন হোৱা নাই কিয়? আৰু পৃথিবীত পূণ্য কেলৈ? —ধৰ্ম্মৰ কি আবশ্যক? ওথেলোৰ মূৰ ঘূৰিবলৈ ধৰিলে! ওথেলো উন্মাদ হ’ল!! ওথেলোৰ হৃদয়ত ঈৰ্ষাৰ জুই দপ্দপ্ কৰি জ্বলিবলৈ ধৰিলে!!!
এই ঈৰ্ষাৰ জুয়ে ওথেলোৰ সোণৰ সংসাৰ পুৰি ভস্মীভূত কৰিলে৷ ওথেলো ঈৰ্ষাত জৰ্জড়িত হই, নিদাৰুণ যন্ত্ৰণাত অস্থিৰ হ’ল! আৰু উন্মাদৰ দৰে ফুৰিৱলৈ ধৰিলে! স্বামীৰ এনেকুৱা অকস্মাৎ পৰিবৰ্ত্তন দেখি, ডেচ্দিমোনাই একো বুজিব নোৱাৰি, কাৰণ শোধাত, ওথেলোৱে গোটেই ঘটনাটো ডেচ্দিমোনাৰ আগত ভাঙ্গি নক’লে৷ এইটো ওথেলোৰ মহাভ্ৰম৷ এই খিনিতে দাৰুণ হিংসাৰ অভিনয় আৰম্ভ হল! হাতত এখন তৰোৱাল লই, ডেচ্দিমোনাৰ শোৱানী কোঠাত সোমাই, নিদ্ৰিতা ডেচ্দিমোনাৰ মুখৰ ফালে চাই উন্মাদ ওথেলোৱে ক’বলৈ ধৰিলে:—
It is the cause, it is the cause, My soul! —
Let me not name it to you, you Chaste Stars!
It is tlhe cause:— Yet I’ll not shed her blood;
Nor scar that whiter skin of hers than snow,
And smooth as monumental alabaster, -
Yet she must die, else she’ll betray more men,
Put out the light, and then put out the light!
If I quench thee, thou faming minister,
I can again thy former light restore
Should I repent me:— but once put out thy light,
Thou cunning’st pattern of excelling nature,
I know not where is that promethean lheat
That can thy light relume. When I have pluck’d thy rose
I can not give it vital growth again,
It needs must wither :— I’ll smell it on the tree.”
আকৌ কবলৈ ধৰিলে,—
One more, one more :—
Be thus when thou art dead, and I will kill thee,
And love thee after :- One more, and this the last,
So sweet was ne'er so fatal, I must weep,
But they are cruel tears: this sorrow's heavenly,
It strikes, where it doth love.”
উন্মাদ অৱস্থাৰ এনেকুৱা আবৃত্তি বিলাকৰ পৰা ওথেলোৰ সেই সময়ৰ মানসিক অৱস্থাৰ ভালকৈ পৰিচয় পোৱাযায়। ওথেলোৰ উন্মাদ অৱস্থা সাধাৰণ উন্মাদৰ দৰে নহয়; ওথেলোৰ উন্মত্ততাত বিশেষত্ব আছে, —এই উন্মত্ততা বিশেষৰূপে ভাবি চাবলগা।
অৱশেষত দাৰুণ হিংসাৰ বশবৰ্ত্তী হই, ওথেলোৱে ডেচ্দিমোনাক, তাৰ পাছত, ইয়াগোক হত্যা কৰিলে, -আৰু নিজৰ ভ্ৰম বুজিব পাৰি, শেহত নিজেও আত্মঘাতী হ’ল!
ভ্ৰান্তি!
“নিৰ্ম্মল জোণৰ তুমি কলঙ্কৰ চিন!
অজ্ঞান অবোধ, হায়! ভ্ৰান্তি কলঙ্কিনি!—
কি যে ভাল, কি যে বেয়া, নাই একো ভিন!!
* * *
* * *
তোমাৰ ছলতে ভুলি কত ভ্ৰান্ত জনে
ধবংস কৰে আপোনাৰ সোণৰ সংসাৰ!!”
ওথেলোৰ ভাগ্যতো সেয়েই হ’ল! ওথেলোই আজি ভ্ৰান্তিৰ ছলনাত পৰি আপোনাৰ সোনৰ সংসাৰ পুৰি ছাই কৰিলে! ইতি।