পৃষ্ঠা:ডেচ্‌দিমোনা কাব্য.djvu/২৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

ডেচ্‌দিমোনা কাব্য

১১

 সঁচা কথা ক’লো, প্ৰিয়ে! তোমাৰ আগত॥”
ডেচ্‌দিমোনা “স্ত্ৰীবধ কৰিব খোজা কি কাৰণে তুমি?
 কোনে দিলে এনেকুৱা প্ৰবৃত্তি, হে নাথ?
 বিশ্বাসঘাতিনী মই নহও তোমাৰ,
 দ্বিচাৰিণী পত্নী মোক নাভাবা হঠাত॥
 ডেচীৰ স্বোৱামী তুমি, তুমি ডেচী-প্ৰাণ,
 খাওঁতে শোওঁতে মোৰ তুমিয়েই ধ্যান॥

   ( ১২ )
ওথেলো “পৰাণৰ ডেচি! তুমি আছিলা এদিন
 স্বৰগৰ দেবী, কিন্তু আজি ৰাক্ষসিনী!
 চোৱাঁ আপনাৰ হিয়া, কলঙ্কৰ ৰেখা
 আপুনি আঁকিলা তুমি, হই কলঙ্কিনী।”
 “হিয়াৰ মাজত মোৰ” বুলিলা, সুন্দৰি!
 কলঙ্ক-ৰেখাৰ চিন ক’তো, নাথ! নাই,
 আছে মাথোঁ এটি মুৰ্ত্তি, সি মূৰ্ত্তি তোমাৰ
 ডেচীয়ে মনত যাক নিতউ ধিয়াঁই॥”
 “সি পাপতে, তেন্তে, প্ৰিয়ে! মৰণ তোমাৰ”
 “বুলিলে ওথেলো ধীৰে। বুলিলা, সুন্দৰি!
 মৰণৰ ভয়, নাথ! নকৰে ডেচীয়ে;