পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/১৯৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


লোকে কয়,—তুমি বৰ কোমল হৃদয়!
মাথোঁ পৰ দুখে হাঁহা, পালো পৰিচয়!

পালো দেৱ! পৰিচয়,—

তুমি কঠিন হৃদয়,—
নিৰ্দ্দয় তোমাৰ মন,—কৰা উপহাস
অভাগিণী তিৰুতাক!—“চাবাছ! চাবাছ!”

কিন্তু জানা সুধাকৰ!—

স্বভাব চঞ্চল বৰ,—
মিচিকীয়া হাঁহি তযু নাথাকে সদাই,—
আউশীৰ অন্ধকাৰে পেলাব লুকাই!

লুকাব মুখৰ হাঁহি,

শুৱণী গোলাপ পাহি,
কিন্তু তুমি সেই হাঁহি পাবা ওলোটাই;–
কোৱা দেৱ! স্বোৱামীক পামনে ঘুৰাই?

পামনে হৃদয়-চোৰ

প্ৰাণৰ প্ৰণয়ী মোৰ?
পামনে তেতিয়া দেৱ! স্বোৱামী প্ৰাণৰ?
যেতিয়া ঘূৰাই পাবা হাঁহিটী নিজৰ?

⸺·×·⸺