পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/১৯১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


দ্বিতীয় সৰ্গ।
⸺·×·⸺
(সূৰ্য)

যিটী গ’ল, ক’তা? আৰু নাহিল দেখোন?
মিছাতে আহিব বুলি ভাবিছোঁ মাথোন!

দিবাকৰ!—প্ৰতিদিনে

পশ্চিম-পৰ্ব্বত-পিনে
যোৱা তুমি সন্ধিয়াত, আহা পুঁৱা হ’লে,
কিন্তু মোৰ যিটী গ’ল কিয়নো নাহিলে?

(কিয়নো নাহিল হায়!—

নেদেখি পৰাণ যায়!)
তোমাৰ পোহৰে দেৱ! দেখোঁ ত্ৰিভূবন! —
কিয়নো নেদেখো মাথোঁ স্বোৱামী ৰতন?

জগত পোহৰাঁ তুমি,

পোহৰাঁ পাতাল ভূমি,
স্বৰগ পোহৰাঁ,—কৰাঁ উজ্জল সংসাৰ!
হৃদয় কিয়নো মোৰ দোৰ্ঘোৰ এন্ধাৰ?