সমললৈ যাওক

পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/১৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
দ্বিতীয় সৰ্গ।

দাঁত উলিয়াই হাঁহ ঘনে ঘনে,
লাজ নালাগেনে, হঁই!

আপোন মনেৰে হাঁহিবি ইয়াত

নহয় মাৰৰ ঘৰ!
শাহ শহুৰৰ আগতে হাঁহিছ
তইতো নীলাজী বৰ!!

নিলাজী, বান্দৰী তই, অ’ বিজুলী

নাপাৱ অলপো লাজ।
জানো বিধতাই চৰজিলে তোক
পিন্ধাই নিলাজী সাজ!!

তোৰতো প্ৰাণৰ স্বোৱামী, বিজুলী?

বাৰিষা কালৰ মেঘ।
তোক হঁহা দেখি খঙ্গেৰে গজিছে
ৰখা অ’ হাঁহিৰ বেগ॥

যাতেই নিলাজী তই, অ’ বিজুলী!

নুশুন মেঘৰ হাক!
মোৰে মূৰ খাব, কছোঁ বাৰু মোক,
ভাল কি নাপাৱ তাক?

নাহাঁহিবি বুলি ইমান কইছে

গুঁজৰি গামৰি মেঘ!