পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/২০১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


শুইছা এতিয়া তুমি,
লুকাইছা নিজ ৰূপ ৰূপহ সুন্দৰ॥

দেখিছা কি ই দুখুনী

বিৰহিণী অভাগীক?
পৰি আছে কান্দি কাটি নইৰ পাৰত।
নেদেখি প্ৰাণৰ পতি
জ্বলিছে বুকুত জুই,
হিয়া ঢাকুৰিছে আজি পৰি বিৰহত!

চিগিছে তাইৰ জানো

হৃদয়-বীনাৰ তাঁৰ,
ঝংকাৰ নীৰৱ যেন হ'ল একেবাৰে॥
জীৱন হইছে জানো
“চাহাৰা” মৰুভূমি,
প্ৰেমৰ সাগৰ জানাে ভৰা বলুকাৰে!!

ৰ’বা ৰ’বা, দিবাকৰ!

ৰ’বাছোঁ খন্তেক তুমি,
ৰ’বাছোঁ অলপ, হেৰা কালৰ কিঙ্কৰ!
নৰ’লা অলপো তুমি?
নুশুনিলা কথা মােৰ?
নাই পােৱা জানাে তুমি দুখ বিৰহৰ?