পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/২০২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


যােৱাঁ বাৰু, দিবাকৰ!
নৰ’লা অলপাে তুমি?
যােৱাঁ তুমি যোৱাঁ গই চিৰ কাললই!
নেদেখো আকউ যেন
পূৱ ফালে দি তােমাক,
নােলােৱা আকউ তুমি যেন ৰঙ্গা হই॥

(মেঘ)

বাৰিষা কালৰ মেঘ!
শুনিছোঁ দেখােন মই,
কটকী আছিলি বােলে
তই তাহানি কালত।
চিত্ৰকুট পৰ্ব্বতৰ
বিৰহ ব্যাকুল যক্ষে
পঠিয়াইছিলে বােলে
তােকে প্ৰিয়াৰ কাষত?

তয়েনে, কছোন মেঘ।

সেই মেঘ? লই বাৰু
কালিদাসে “মেঘদূত”
কাব্য কৰিলে ৰচনা?
যদি হৱ, তেনে মেঘ!