পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/২০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
বিৰহিণী বিলাপ কাব্য।

নিশ্চয় জানিলো তই ৰাক্ষসিণী,
পালো আজি তোৰ ছিন॥

১৯
বাৰিষা কালৰ মেঘক পাইছ,

পাই ছ অপোন পতি,
কেনুৱা বিৰহ বিচ্ছেদ-যন্ত্ৰনা,
নাই পোৱা একো এটী॥

২০
নতুন প্ৰেমত বিভোৰ হইছ,

হাঁহিছ ভৰাই প্ৰাণ!
বিষম চক্ৰত পৰি কন্দা নাই,
নুবুজ শোকৰ গান॥

২১
(কিন্তু) সদাইতো মেঘ নাথাকে বিজুলী,  

এদিন কান্দিবি তই!
এতিয়া নাকান্দ মোৰ কান্দোনত,

তেতিয়া বুজিবি, হঁই!!
⸺·×·⸺
(মাৰ-যাওঁ-যাওঁ-হোৱা বেলি)।

হঁহুৱাই কন্দুবাই
গোটেই দিনতে তুমি
গোটেই জগত খনি, হায় দিবাকৰ!
অস্ত আচলত গই