আভাস কাব্য/জোচেফাইন

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
আভাস কাব্য
লেখক হিতেশ্বৰ বৰবৰুৱা

[ ৬৮ ]
জোচেফাইন ।
(JOSHIPHINE)

 “জোচেফাইন” ফ্ৰান্সৰ ৰজা নেপোলিয়ানৰ ৰাণী আছিলে। সেই সময়ত অষ্ট্ৰিয়া ৰজাৰ জীয়েক অগষ্টা মেৰিয়া পৃথিবীৰ ভিতৰত অদ্বিতীয়া সুন্দৰী বুলি প্ৰখ্যাতি পাইছিল। নেপোলিয়ানে তেঁওৰ ৰূপত মুগ্ধ হই, তেঁওক বিয়া কৰাবলৈ ইচ্ছা কৰিলে। ভয়তেই হওক, বা আন কোনো কাৰণেই হওক, অষ্ট্ৰিয়া ৰজাই নেপোলিয়ানলৈ জীয়েকক দিবলৈ সন্মত হ’ল। কিন্তু জোচেফাইনৰ জীৱদ্দশাত, দেশাচাৰ মতে, তেঁও আৰু এজনী তিৰুতা বিয়া কৰাব নোৱাৰে। যি জোচেফাইনৰ অতুলনীয় প্ৰণয়ত, যি জনি তিৰুতাৰ প্ৰেমময় হাঁহি মুখ দেখি, যাৰ মধুৰি মধুৰি কথা বিলাক শুনি, নেপোলিয়ানে সামান্য সৈনিকৰ পদৰ পৰা, অৱশেষত ফান্সৰ সিংহাসনত ৰজা হ'লগৈ, তেনে জনী তিৰুতাক তেঁও কেনেকৈ পৰিত্যাগ কৰিব? নেপো– লিয়ানে ভাবি অবাক হ’ল!!

 কিন্তু তেঁওৰ প্রাণসমা তিৰুতা জোচেফাইনে আন আন মানুহৰ মুখে এই বিলাক কথা এদিন শুনিব’লৈ পালে।”—— [ ৬৯ ] জোচেফাইনৰ ভালপোৱা জোচেফাইনৰ নিজৰ নিমিত্তে নহয়। তেঁও যে নেপোলিয়ানক প্ৰাণতকৈও অধিক ভাল পায়, সেইটোও কেৱল নেপোলিয়ানৰ নিমিত্তেহে। কাজেই, ফুলৰ সিংহাসনে স’তে প্ৰাণতকৈও প্ৰিয় নেপোলিয়াণক এৰি দিয়াটো, জোচেফাইনব পক্ষে একো টান কাম বুলি বোধ নহ’ল। অগষ্টামেৰিয়াক বিয়া কৰি নেপোলিয়ান সুখী হ’ব, তেঁওৰ প্ৰাণৰ নেপোলিয়ান নিৰাপদ হ’ব, ইয়াত জোচেফাইনৰ আনন্দত বাজে আৰু কি হ’ব পাৰে? জোচেফাইনে নেপোলিয়ানৰ সুখৰ নিমিত্তে প্ৰাণ পৰ্য্যন্ত দিবলৈও পৰা পৰামুখ নহয়।

 গধুলী হ’ল;—ৰাজ কাৰ্য্যৰ পৰা নেপোলিয়ান নিজৰ শোৱা কোঠালৈ (অৰ্থাং জোচেফাইনৰ ওছৰলৈ) গ’ল। জোচেফাইনে নেপোলিয়ানক দেখিলে জগত পাহৰি যায়,—ওছৰতে নেপোলিয়ানক দেখি, মূহুৰ্তৰ ভিতৰতে জোচেফাইনৰ হৃদয়ৰ পৰা সকলো বিলাক। চিন্তা ভাবনা দূৰ হ’ল। তেঁও হাঁহি ২ নেপোলিয়ানৰ বুকৰ মাজত মুৰটো সুমালেগৈ; কিন্তু নেপোলিয়ানৰ হৃদয়ত সেই দিনা সেই দৃশ্য সহ্য নহ’ল! যি নেপোলিয়ানৰ হৃদয় শিকতকৈও টান বুলি জগতে জানে, যুদ্ধ ক্ষেত্ৰত মনুহৰ তেজেৰে দেশ ৰাঙ্গলী কৰিও যাৰ হৃদয় ক্ষন্তেকৰ নিমিত্তেও গলি [ ৭০ ] যোৱা নাই, যাৰ চকুত কেতিয়াও কোনেও এটোপা চকুৰ পানী দেখা নাছিলে, সেই নেপোলিয়ানে সেই দিনা জোচেফাইনৰ দিঙ্গিত ধৰি, কান্দিবলৈ ধৰিলে কিন্তু জোচেফাইনে নাকান্দিলে,—তেঁও গিৰিয়েকৰ চকুৰ চকুলো মুছি দি ক’লে, “নাথ! মই সকলো বিলাক শুনিবলৈ পাইছে।; কিন্তু, চোৱাছোন –মই দেখোঁ কন্দা নাই; তুমি কান্দিছা কেলৈ?”

 জোচেফাইনে যদি কান্দিলে হেতেন, কান্দি কান্দি যদি গিৰিয়েকৰ বুকু চকুৰ পানীৰে বুৰাই দিলে হেতেন, কিম্বা যদি খঙ্গ কৰিলে হেতেন, তেনেহ’লে নেপোলিয়ানে মনত সিমান দুখ নাপালে হেতেন!! নেপোলিয়ানে ক’লে,—“জোচি! তুমি স্বৰ্গৰ দেবী; মই। পশুতকৈও অধম, "মই নৰকৰ পিশাচ!—সেই কাৰণেই তুমি কন্দা নাই, কিন্তু মই কান্দিছে!” জোচেফাইনে আকৌ ক’লে, “নাথ! তোমাৰ নিমিত্তে মই জ্বলা জুইত জাপ দিব পাৰো, তোমাক পৰিত্যাগ কৰি থাকিম, এইটো একো টান কাম নহয়। তোমাৰ সুখৰ নিমিত্তে, তোমাৰ নিৰাপদৰ নিমিত্তে, তোমাৰ ৰাজ্যৰ নিমিত্তে, ফ্ৰান্সৰ নিমিত্তে, মই নিজকে নিজে বলি দিব পাৰোঁ,—এইটো কি টান কাম? নাথ! মই যদি ইয়াত দুখ পালো হেতেন, [ ৭১ ] মই যদি ইয়াত কান্দিলো হেতেন,—তেনে হ'লে হ’লে তুমি শোক পালা হেতেন,—কিন্তু যি স্থলত মই কন্দা নাই, মই দুখ পোৱা নাই,--তুমি কান্দিছা কেলৈ? শোক কৰিছা কিয়?” —কিন্তু নেপোলিয়ানৰ কান্দোন মাৰ নগল! জোচেফাইনে আকৌ ক’লে, “নাথ! জোচীৰ প্ৰাণৰ প্ৰাণ! আজি মোৰ সুখৰ শেষ দিন; আজি মোক সুখী হ’বলৈ দিয়া, আজি মোক শেষ হঁহি হাঁহিবলৈ দিয়া। আজি মই তোমাৰ সুখৰ নিমিত্তে তোমাক পৰিত্যাগ কৰি যাম। আজি মোৰ বৰ সুখৰ দিন, আজি মই কান্দিম কিয়?”— তাৰ পাছ দিনা, জোচেফাইনে গিৰিয়েকৰ সুখৰ নিমিতে, গিৰিয়েকক পৰিত্যাগ কৰি ফৰাচী ৰাজ্যৰ সিংহাসন এৰি দি, ৰাজ ভোগত জলাঞ্জলি দি, আমেৰিকাৰ ফালে যাত্ৰা কৰিলে! যেতিয়ালৈকে জাহাজৰ পৰা ফ্ৰান্সৰ ঘৰ দুৱাৰ বিলাক দেখা গৈছিলে, তেতিয়ালৈকে জোচে ফাইনে হাঁহি হাঁহি আছিলে; কিন্তু তাৰ পাছত, তেঁও যিটো কোঠাত সোমাইছিলে, তাৰ পৰা তেঁওক আৰু কোনেও ওলোৱা নেদেখিলে!!

 মানবী নোহোৱা তুমি, দেবী অৱতাৰ,
মানবীৰ ৰূপধৰি আছিলা মৰ্ত্যত।

[ ৭২ ]

নহ’লে কি তোমাদৰে, হৰিষ মনেৰে
ৰমণীয়ে নিজ স্বাৰ্থ এৰে জগতত?
“তিৰুতাৰ আত্মদান” স্বামীৰ নিমিত্তে,
জানো, জোচি! এনে চিত্ৰ পঢ়িছোঁ বহুত
প্ৰাচীন কাব্যত আৰু বুৰঞ্জী পুথিত,
তোমাৰ দ্বিতীয় কিছু নপৰে চকুত॥
আহাহা! স্বামীৰ দেখি মুখ বিষাদত,
চিন্তাত বিভোৰ আৰু, শুধিলা যেতিয়া
সুমধুৰ ভাবে, জোচি! “কি ভাবিছা, নাথ?
“তোমাক বিমন দেখি বিদৰিছে হিয়া।
 *  *  *
 *  *  *
কোৱোঁ, নাথ! নাভাবি দেখো কি কাৰণে
চিন্তাত বিভোৰ আজি, বিষাদিত মন?
কি ভাবিছা? কি আশঙ্কা? মনত তোমাৰ
কোৱাঁ নাথ! কিয় আজি এনে উচাটন॥
অদ্ধাঙ্গী তোমাৰ জোচী, তুমি জোচী প্ৰাণ,
কি দুখত সুখী তুমি জোচীয়ে নাজানে,

[ ৭৩ ]

ই কথা ভাবিলে শেল বাজে হৃদয়ত,
“কান্দি কান্দি উঠে প্রাণ, প্রবোধ নামানে।৷”
আহা! জোচি! কথা শুনি স্বামীয়ে তোমাৰ
কিবা ক’ব, কি নক’ব বিচাৰি নাপালে!
এটী হুমুনীয়া কাঢ়ি বিষাদ মনত,
টোপা টোপে চকুপানী যেতিয়া টুকিলে,
স্বামীৰ হাতত ধৰি, বুলিব’ ধৰিলা,
হাঁহি হাঁহি ৰঙ্গমনে, “কান্দা কি কাৰণে?
কি দুখত, কোৱাঁ, নাথ? কিবা শোক পাই
টুকিছা চকুৰ পানী সঘনে সঘনে?
নাকান্দিবা আৰু, নাথ! নোটোকাঁ চকুলো,
নকৰাঁ বেজাৰ, মই পাৰিছোঁ জানিব
কি কাৰণে বিষাদিত অন্তৰ তোমাৰ,
অষ্ট্ৰিয়াৰ মেৰিয়াক * খুজিছা আনিব॥
দেশাচাৰ মতে * নাথ! এজনী তিৰুতা
থাকোতে লগত, আৰু আনিব নোৱাৰে;
সি কাৰণে, জানো তুমি এনে উচাটন।
সি কাৰণে, জানো, আজি চকুপানী সৰে॥
নতু—
মেৰিয়াৰ কথা মোৰ পৰিলে কানত,

[ ৭৪ ]

জানো, মোৰ অসন্তোষ জনমে মনত;
জানো, মই কৰোঁ খঙ্গ, সেই বুলি নাথ!
কৰিছা মনত তুমি এনুৱা বিষাদ?
দেশাচাৰ মতে, যদি আনা মেৰিয়াক,
জোচেফীক তিয়াগিব লাগিব তোমাৰ,
সি বুলি তোমাৰ, জানো, এনুৱা বিষাদ,
টুকিছা নীৰলে বহি, চকুলো দুধাৰ॥
কিন্তু, নাথ! কিয় কান্দা? কিয় কৰা শোক?
আানাঁ তুমি মেৰিয়াক, দুখী নোহোঁ মই।
বৰঞ্চ সুখিনী মই তোমাৰ সুখত,
স্বাৰ্থপৰা জোচী, নাথ! নহয় নহয়!!
প্ৰাণতো অধিক জোচী ভাল পায়, নাথ!
তোমাক অন্তৰে স’তে, সেই ভাল পোৱা
কিন্তু, নাথ! মোহে মোৰ নিমিত্তে নিজৰ,
তিয়াগিব পাৰোঁ প্ৰাণ যদি তুমি কোৱেঁ॥
মই যে তোমাক, নাথ! অত ভাল পাওঁ,
সেই ভাল পোৱা মাথোঁ নিমিত্তে তোমাৰ।
মেৰিয়াক বিয়া কৰি, সুখী হ’বা নাথ!
তাতনো জোচীৰ হ’ব পাৰেনে বেজাৰ?

[ ৭৫ ]

এনুৱা কালত, নাথ! এই দুৰ্দিনত *
সকলো দেশৰ ৰজা বিপক্ষ তোমাৰ;
মেৰিয়াক বিয়া কৰি, হ’বা নিৰাপদ
মিত্ৰতা দোলেৰে বান্ধি ৰজা অষ্ট্ৰিয়াৰ॥
তোমাৰ জোচীৰ, নাথ! আনন্দ ইয়াত;
কিয় তুমি কৰ শোক? কিয় বিষাদিত!
মই কন্দা নাই নাথ! কিয় কান্দা তুমি?
চকুপানী মৰি সৰি পৰিছে মাটিত?”
ইবুলি যেতিয়া জোচি! ৰ'লা মনে মনে,
হুক হুক কৰি পুনু কান্দিব ধৰিলে,
টোপাটোপে উলিয়াই চকুলো দুধাৰ!
আহা, জোচি! তুমি যাদি কান্দিলা হেতেন,—
কান্দি কান্দি চকুলোৰে বুকু স্বোৱামীৰ
বুৰালা হেতেন যদি, স্বামীয়ে তোমাৰ
নহ’লে হেতেন এনে শোকত অধীৰ॥
কি, জোচি! তুমি দেবী, তুমি হাহি হাহি।
সুমুৱালা মুখ খনি স্বামীৰ বুকত


* এই সময়ত প্ৰায় গোটেই ইউৰোপ নেপোলিয়নৰ বিপক্ষ হৈ উঠিছিল। [ ৭৬ ]
 

(আহ, কি মধুৰ ভাব! স্বৰগৰ ছবি!)
নস'লে ইদৃশ্য কিন্তু স্বামীৰ প্ৰাণত॥
শিলতো অধিক টান বুলি যাৰ হিয়া
জনা আছে জগতত, সমৰ ক্ষেত্ৰত
তেজেৰে বোৱাই নই, কনা মাত্ৰো হায়!
নজনমে মায়া, দুখ যাৰ অন্তৰত।
তেনুৱা তোমাৰ জোচি! প্ৰাণৰ স্বামীয়ে
কান্দিব' ধৰিলে লই তোমাক কোলাত;—
সাদৰি বুলিলা তুমি “কন্দা নাই মই,
কিয় কান্দা তুমি? কিয় কৰিছা বিষাদ।”
স্বামীয়ে তোমাৰ কান্দি বুলিব ধৰিল,—
“জোচি! তুমি দেৱকন্যা, মই নৰাধম
নৰকৰ কীট মই সি কাৰণে প্ৰিয়ে!
কান্দো মই, দেবী তুমি নকৰা ক্ৰন্দন॥”
সাদৰে আকউ জোচি! বুলিব ধৰিলা,
“তোমাৰ নিমিত্তে পাৰোঁ জাঁপ দিব মই
জ্বলা অগণিতো, নাথ! বলিআপোনাক

* এই ঘটনাৰ অগৈয়ে নেপোলিয়ানক কোণেও কেতিয়াও কন্দা বা চকুলো টোকা দেখা নাই। [ ৭৭ ]
 

দিব পাৰোঁ নিজে নিজে স্বোৱামীৰ হই॥
ৰাজ ভোগ মই, নাথ। নকৰোঁ হেপাহ,
তোমাৰ নিমিত্তে মই হৰিষ মনত
তিয়াগিম ফৰাচীৰ ৰাজ সিংহাসন
তুমিয়ে, সইতে, নাথ। এই মুহুৰ্তত॥
নাকান্দিবা আৰু নাথ। অজি শেষ দিন,
জোচীৰ তোমাৰ, দিয়াঁ হাঁহিব জোচীক;
শেষ চোৱা লওঁ চাই তোমাৰ মুখত
অমিয়া মধুৰ সেই মুখৰ হাঁহিক॥”
এই বুলি, আহা ' জোচি! স্বামীক সাদৰী
ৰঙ্গে আলিঙ্গন কৰি, যেতিয়া হাঁহিলা
লাবণ্য প্ৰতিমাখনি সৰলতা ভৰা
সৰলতা মুৰ্ত্তি যেন মৰ্ত্ত্যত শোভিলা।
আহা। কি মধুৰ! ভাব! স্বৰগৰ ছবি।
সি ছবি তোমাৰ, জোচি। কি কৰি আঁকিম?
আমি দুৰ্ভগীয়া অতি, নোহোঁ। চিত্ৰকৰ,
দুৰ্ব্বলা লেখনী মোৰ কিৰূপে লিখিম্‌?
কিন্ত জোচি! (ফাটে হিয়া!) থাকি সেই ৰাতি
স্বামীৰ লগত সুখে হৰিষ মনত

[ ৭৮ ]

ফৰাচী বাসীক আৰু এৰি স্বোৱামীক,
পুনা বেলা হাঁহি হাঁহি উঠি জাহাজত,
গ’লা তুমি (আহা! জোচি!) আমেৰিকা ফালে
আনন্দ মনেৰে চিন্তি হিত স্বোৱামীৰ;—
যাদৱধি দেখে তুমি চাইছিলা সুখে
একেথিৰে, অধালাগি শোভা ফৰাচীৰ!!
দেখোতে দেখোঁতে হায়! জাহাজ তোমাৰ
যেতিয়া অদৃশ্য হ’ল ফৰাচী ৰাজ্যৰ
টুকিছিলা মাথোঁ তুমি দুধাৰি চকুলো!!
আৰু এটী হুমুনীয়া—হতাশ প্ৰাণৰ!!


আভাস কাব্য (page 78 crop)