পৃষ্ঠা:আভাস কাব্য.pdf/৭৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

আভাস কাব্য

 

(আহ, কি মধুৰ ভাব! স্বৰগৰ ছবি!)
নস'লে ইদৃশ্য কিন্তু স্বামীৰ প্ৰাণত॥
শিলতো অধিক টান বুলি যাৰ হিয়া
জনা আছে জগতত, সমৰ ক্ষেত্ৰত
তেজেৰে বোৱাই নই, কনা মাত্ৰো হায়!
নজনমে মায়া, দুখ যাৰ অন্তৰত।
তেনুৱা তোমাৰ জোচি! প্ৰাণৰ স্বামীয়ে
কান্দিব' ধৰিলে লই তোমাক কোলাত;—
সাদৰি বুলিলা তুমি “কন্দা নাই মই,
কিয় কান্দা তুমি? কিয় কৰিছা বিষাদ।”
স্বামীয়ে তোমাৰ কান্দি বুলিব ধৰিল,—
“জোচি! তুমি দেৱকন্যা, মই নৰাধম
নৰকৰ কীট মই সি কাৰণে প্ৰিয়ে!
কান্দো মই, দেবী তুমি নকৰা ক্ৰন্দন॥”
সাদৰে আকউ জোচি! বুলিব ধৰিলা,
“তোমাৰ নিমিত্তে পাৰোঁ জাঁপ দিব মই
জ্বলা অগণিতো, নাথ! বলিআপোনাক

* এই ঘটনাৰ অগৈয়ে নেপোলিয়ানক কোণেও কেতিয়াও কন্দা বা চকুলো টোকা দেখা নাই।

৭০