পৃষ্ঠা:আভাস কাব্য.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
জোচেফাইন ।
(JOSHIPHINE)

 “জোচেফাইন” ফ্ৰান্সৰ ৰজা নেপোলিয়ানৰ ৰাণী আছিলে। সেই সময়ত অষ্ট্ৰিয়া ৰজাৰ জীয়েক অগষ্টা মেৰিয়া পৃথিবীৰ ভিতৰত অদ্বিতীয়া সুন্দৰী বুলি প্ৰখ্যাতি পাইছিল। নেপোলিয়ানে তেঁওৰ ৰূপত মুগ্ধ হই, তেঁওক বিয়া কৰাবলৈ ইচ্ছা কৰিলে। ভয়তেই হওক, বা আন কোনো কাৰণেই হওক, অষ্ট্ৰিয়া ৰজাই নেপোলিয়ানলৈ জীয়েকক দিবলৈ সন্মত হ’ল। কিন্তু জোচেফাইনৰ জীৱদ্দশাত, দেশাচাৰ মতে, তেঁও আৰু এজনী তিৰুতা বিয়া কৰাব নোৱাৰে। যি জোচেফাইনৰ অতুলনীয় প্ৰণয়ত, যি জনি তিৰুতাৰ প্ৰেমময় হাঁহি মুখ দেখি, যাৰ মধুৰি মধুৰি কথা বিলাক শুনি, নেপোলিয়ানে সামান্য সৈনিকৰ পদৰ পৰা, অৱশেষত ফান্সৰ সিংহাসনত ৰজা হ'লগৈ, তেনে জনী তিৰুতাক তেঁও কেনেকৈ পৰিত্যাগ কৰিব? নেপো– লিয়ানে ভাবি অবাক হ’ল!!

 কিন্তু তেঁওৰ প্রাণসমা তিৰুতা জোচেফাইনে আন আন মানুহৰ মুখে এই বিলাক কথা এদিন শুনিব’লৈ পালে।”——