পৃষ্ঠা:আভাস কাব্য.pdf/৭১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

জোচেফাইন।

মই যদি ইয়াত কান্দিলো হেতেন,—তেনে হ'লে হ’লে তুমি শোক পালা হেতেন,—কিন্তু যি স্থলত মই কন্দা নাই, মই দুখ পোৱা নাই,--তুমি কান্দিছা কেলৈ? শোক কৰিছা কিয়?” —কিন্তু নেপোলিয়ানৰ কান্দোন মাৰ নগল! জোচেফাইনে আকৌ ক’লে, “নাথ! জোচীৰ প্ৰাণৰ প্ৰাণ! আজি মোৰ সুখৰ শেষ দিন; আজি মোক সুখী হ’বলৈ দিয়া, আজি মোক শেষ হঁহি হাঁহিবলৈ দিয়া। আজি মই তোমাৰ সুখৰ নিমিত্তে তোমাক পৰিত্যাগ কৰি যাম। আজি মোৰ বৰ সুখৰ দিন, আজি মই কান্দিম কিয়?”— তাৰ পাছ দিনা, জোচেফাইনে গিৰিয়েকৰ সুখৰ নিমিতে, গিৰিয়েকক পৰিত্যাগ কৰি ফৰাচী ৰাজ্যৰ সিংহাসন এৰি দি, ৰাজ ভোগত জলাঞ্জলি দি, আমেৰিকাৰ ফালে যাত্ৰা কৰিলে! যেতিয়ালৈকে জাহাজৰ পৰা ফ্ৰান্সৰ ঘৰ দুৱাৰ বিলাক দেখা গৈছিলে, তেতিয়ালৈকে জোচে ফাইনে হাঁহি হাঁহি আছিলে; কিন্তু তাৰ পাছত, তেঁও যিটো কোঠাত সোমাইছিলে, তাৰ পৰা তেঁওক আৰু কোনেও ওলোৱা নেদেখিলে!!

 মানবী নোহোৱা তুমি, দেবী অৱতাৰ,
মানবীৰ ৰূপধৰি আছিলা মৰ্ত্যত।

৬৫