পৃষ্ঠা:আভাস কাব্য.pdf/৭৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

জোচেফাইন।

ই কথা ভাবিলে শেল বাজে হৃদয়ত,
“কান্দি কান্দি উঠে প্রাণ, প্রবোধ নামানে।৷”
আহা! জোচি! কথা শুনি স্বামীয়ে তোমাৰ
কিবা ক’ব, কি নক’ব বিচাৰি নাপালে!
এটী হুমুনীয়া কাঢ়ি বিষাদ মনত,
টোপা টোপে চকুপানী যেতিয়া টুকিলে,
স্বামীৰ হাতত ধৰি, বুলিব’ ধৰিলা,
হাঁহি হাঁহি ৰঙ্গমনে, “কান্দা কি কাৰণে?
কি দুখত, কোৱাঁ, নাথ? কিবা শোক পাই
টুকিছা চকুৰ পানী সঘনে সঘনে?
নাকান্দিবা আৰু, নাথ! নোটোকাঁ চকুলো,
নকৰাঁ বেজাৰ, মই পাৰিছোঁ জানিব
কি কাৰণে বিষাদিত অন্তৰ তোমাৰ,
অষ্ট্ৰিয়াৰ মেৰিয়াক * খুজিছা আনিব॥
দেশাচাৰ মতে * নাথ! এজনী তিৰুতা
থাকোতে লগত, আৰু আনিব নোৱাৰে;
সি কাৰণে, জানো তুমি এনে উচাটন।
সি কাৰণে, জানো, আজি চকুপানী সৰে॥
নতু—
মেৰিয়াৰ কথা মোৰ পৰিলে কানত,

৬৭