পৃষ্ঠা:আভাস কাব্য.pdf/৭৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

জোচেফাইন

এনুৱা কালত, নাথ! এই দুৰ্দিনত *
সকলো দেশৰ ৰজা বিপক্ষ তোমাৰ;
মেৰিয়াক বিয়া কৰি, হ’বা নিৰাপদ
মিত্ৰতা দোলেৰে বান্ধি ৰজা অষ্ট্ৰিয়াৰ॥
তোমাৰ জোচীৰ, নাথ! আনন্দ ইয়াত;
কিয় তুমি কৰ শোক? কিয় বিষাদিত!
মই কন্দা নাই নাথ! কিয় কান্দা তুমি?
চকুপানী মৰি সৰি পৰিছে মাটিত?”
ইবুলি যেতিয়া জোচি! ৰ'লা মনে মনে,
হুক হুক কৰি পুনু কান্দিব ধৰিলে,
টোপাটোপে উলিয়াই চকুলো দুধাৰ!
আহা, জোচি! তুমি যাদি কান্দিলা হেতেন,—
কান্দি কান্দি চকুলোৰে বুকু স্বোৱামীৰ
বুৰালা হেতেন যদি, স্বামীয়ে তোমাৰ
নহ’লে হেতেন এনে শোকত অধীৰ॥
কি, জোচি! তুমি দেবী, তুমি হাহি হাহি।
সুমুৱালা মুখ খনি স্বামীৰ বুকত


* এই সময়ত প্ৰায় গোটেই ইউৰোপ নেপোলিয়নৰ বিপক্ষ হৈ উঠিছিল।

৬৯