পৃষ্ঠা:আভাস কাব্য.pdf/৭৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

জোচেফাইন

 

দিব পাৰোঁ নিজে নিজে স্বোৱামীৰ হই॥
ৰাজ ভোগ মই, নাথ। নকৰোঁ হেপাহ,
তোমাৰ নিমিত্তে মই হৰিষ মনত
তিয়াগিম ফৰাচীৰ ৰাজ সিংহাসন
তুমিয়ে, সইতে, নাথ। এই মুহুৰ্তত॥
নাকান্দিবা আৰু নাথ। অজি শেষ দিন,
জোচীৰ তোমাৰ, দিয়াঁ হাঁহিব জোচীক;
শেষ চোৱা লওঁ চাই তোমাৰ মুখত
অমিয়া মধুৰ সেই মুখৰ হাঁহিক॥”
এই বুলি, আহা ' জোচি! স্বামীক সাদৰী
ৰঙ্গে আলিঙ্গন কৰি, যেতিয়া হাঁহিলা
লাবণ্য প্ৰতিমাখনি সৰলতা ভৰা
সৰলতা মুৰ্ত্তি যেন মৰ্ত্ত্যত শোভিলা।
আহা। কি মধুৰ! ভাব! স্বৰগৰ ছবি।
সি ছবি তোমাৰ, জোচি। কি কৰি আঁকিম?
আমি দুৰ্ভগীয়া অতি, নোহোঁ। চিত্ৰকৰ,
দুৰ্ব্বলা লেখনী মোৰ কিৰূপে লিখিম্‌?
কিন্ত জোচি! (ফাটে হিয়া!) থাকি সেই ৰাতি
স্বামীৰ লগত সুখে হৰিষ মনত

৭১