পৃষ্ঠা:আভাস কাব্য.pdf/৭২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

আভাস কাব্য

নহ’লে কি তোমাদৰে, হৰিষ মনেৰে
ৰমণীয়ে নিজ স্বাৰ্থ এৰে জগতত?
“তিৰুতাৰ আত্মদান” স্বামীৰ নিমিত্তে,
জানো, জোচি! এনে চিত্ৰ পঢ়িছোঁ বহুত
প্ৰাচীন কাব্যত আৰু বুৰঞ্জী পুথিত,
তোমাৰ দ্বিতীয় কিছু নপৰে চকুত॥
আহাহা! স্বামীৰ দেখি মুখ বিষাদত,
চিন্তাত বিভোৰ আৰু, শুধিলা যেতিয়া
সুমধুৰ ভাবে, জোচি! “কি ভাবিছা, নাথ?
“তোমাক বিমন দেখি বিদৰিছে হিয়া।
 *  *  *
 *  *  *
কোৱোঁ, নাথ! নাভাবি দেখো কি কাৰণে
চিন্তাত বিভোৰ আজি, বিষাদিত মন?
কি ভাবিছা? কি আশঙ্কা? মনত তোমাৰ
কোৱাঁ নাথ! কিয় আজি এনে উচাটন॥
অদ্ধাঙ্গী তোমাৰ জোচী, তুমি জোচী প্ৰাণ,
কি দুখত সুখী তুমি জোচীয়ে নাজানে,

৬৬