পৃষ্ঠা:আভাস কাব্য.pdf/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আভাস কাব্য

জানো, মোৰ অসন্তোষ জনমে মনত;
জানো, মই কৰোঁ খঙ্গ, সেই বুলি নাথ!
কৰিছা মনত তুমি এনুৱা বিষাদ?
দেশাচাৰ মতে, যদি আনা মেৰিয়াক,
জোচেফীক তিয়াগিব লাগিব তোমাৰ,
সি বুলি তোমাৰ, জানো, এনুৱা বিষাদ,
টুকিছা নীৰলে বহি, চকুলো দুধাৰ॥
কিন্তু, নাথ! কিয় কান্দা? কিয় কৰা শোক?
আানাঁ তুমি মেৰিয়াক, দুখী নোহোঁ মই।
বৰঞ্চ সুখিনী মই তোমাৰ সুখত,
স্বাৰ্থপৰা জোচী, নাথ! নহয় নহয়!!
প্ৰাণতো অধিক জোচী ভাল পায়, নাথ!
তোমাক অন্তৰে স’তে, সেই ভাল পোৱা
কিন্তু, নাথ! মোহে মোৰ নিমিত্তে নিজৰ,
তিয়াগিব পাৰোঁ প্ৰাণ যদি তুমি কোৱেঁ॥
মই যে তোমাক, নাথ! অত ভাল পাওঁ,
সেই ভাল পোৱা মাথোঁ নিমিত্তে তোমাৰ।
মেৰিয়াক বিয়া কৰি, সুখী হ’বা নাথ!
তাতনো জোচীৰ হ’ব পাৰেনে বেজাৰ?

৬৮