পৃষ্ঠা:আভাস কাব্য.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

আভাস কাব্য

যোৱা নাই, যাৰ চকুত কেতিয়াও কোনেও এটোপা চকুৰ পানী দেখা নাছিলে, সেই নেপোলিয়ানে সেই দিনা জোচেফাইনৰ দিঙ্গিত ধৰি, কান্দিবলৈ ধৰিলে কিন্তু জোচেফাইনে নাকান্দিলে,—তেঁও গিৰিয়েকৰ চকুৰ চকুলো মুছি দি ক’লে, “নাথ! মই সকলো বিলাক শুনিবলৈ পাইছে।; কিন্তু, চোৱাছোন –মই দেখোঁ কন্দা নাই; তুমি কান্দিছা কেলৈ?”

 জোচেফাইনে যদি কান্দিলে হেতেন, কান্দি কান্দি যদি গিৰিয়েকৰ বুকু চকুৰ পানীৰে বুৰাই দিলে হেতেন, কিম্বা যদি খঙ্গ কৰিলে হেতেন, তেনেহ’লে নেপোলিয়ানে মনত সিমান দুখ নাপালে হেতেন!! নেপোলিয়ানে ক’লে,—“জোচি! তুমি স্বৰ্গৰ দেবী; মই। পশুতকৈও অধম, "মই নৰকৰ পিশাচ!—সেই কাৰণেই তুমি কন্দা নাই, কিন্তু মই কান্দিছে!” জোচেফাইনে আকৌ ক’লে, “নাথ! তোমাৰ নিমিত্তে মই জ্বলা জুইত জাপ দিব পাৰো, তোমাক পৰিত্যাগ কৰি থাকিম, এইটো একো টান কাম নহয়। তোমাৰ সুখৰ নিমিত্তে, তোমাৰ নিৰাপদৰ নিমিত্তে, তোমাৰ ৰাজ্যৰ নিমিত্তে, ফ্ৰান্সৰ নিমিত্তে, মই নিজকে নিজে বলি দিব পাৰোঁ,—এইটো কি টান কাম? নাথ! মই যদি ইয়াত দুখ পালো হেতেন,

৬৪