আভাস কাব্য/জোৱান ডাৰ্ক

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
আভাস কাব্য
লেখক হিতেশ্বৰ বৰবৰুৱা

[ ৭৯ ]
জোৱান ডাৰ্ক্‌।
JOAN D'ARC, THE MAID OF ORLEAN.

—জোৱান ডাৰ্ক (বা জোৱান অব্‌ আৰ্ক) ফ্ৰান্স দেশৰ জ্বে, কুইচ ডাৰ্ক্‌ নামেৰে এজন কৃষকৰ ছোৱালী। ফ্ৰান্সৰ সিংহাসনত সপ্তম চাৰ্লচে ৰাজত্ব কৰোঁতে, ইংৰাজৰ সেনাই অলিন্‌ নগৰ অবৰোধ কৰে। তেতিয়া এই জোৱান ডাৰ্কে ইংৰাজ সেনাৰ লগত যুদ্ধ কৰি ইংৰাজৰ হাতৰ পৰা মাতৃ ভূমিক ৰক্ষা কৰে। কিন্তু অৱশেষত এওঁক কৌশলেৰে ইংলণ্ডলৈ ধৰিলৈ গই ইংৰাজ বিলাকে জীয়াই-জীয়াই নৃশংস ভাৱে জুইত পুৰি মাৰিলে।

 কৃষকৰ কন্যা৷ তুমি, আজন্ম দুখিনী,—
পৰ্ব্বতৰ মাজে ভেড়ি ফুৰোঁতে চবাই,
কোনে যেন দিলে কই দৈববাণী এটা
কানত তোমাৰ, জোনা! * মুৰুলী বজাই॥
“বীৰাঙ্গনা তুমি, জোনা! স্বৰগৰ পৰী,
জনম তোমাৰ মাতৃ-ভূমিৰ কাৰণে,

 * জোৱান ডাৰ্কক “জোনা” বোলা হৈছে। [ ৮০ ]
 

ফৰাচীৰ স্বাধীনতা ৰক্ষা কৰা তুমি
অৰলিন অৱৰোধ কৰিছে ব্ৰিটনে॥”
নিৰ্জ্জন পৰ্বত গুহা, ক’তো কোনো নাই,
অকস্মাতে শুনি এনে কথা গুৰুতৰ,—
ঘূৰি ঘূৰি চাৰু ফালে কত চালা জোনা!
নেদেখিলা কিন্তু ক’তো ছিন মানৱৰ॥
ধোঁৱা বৰণীয়া পিন্ধি সাজ মনোহৰ
লাহে লাহে আাহে দেবী সন্ধীয়া সুন্দৰী;
অহিলা তুমিও, জোনা! আপোন ঘৰত
কত ভাবি, মনে মনে কত চিন্তা কৰি॥
তাৰ পাছে, আহা! জোনা! ক'লা তুমি যেৱে
ফৰাচী বামীক সেই দৈববানী কথা,
কত উপহাস তুমি সহিলা; প্ৰাণত,
কত গালি, কত, আহা। অন্যায় লাঞ্ছনা।
কিহ, জোনা! তুমি, হায়! শিৰোধাৰ্য্য কৰি,
সেই দৈববাণী সাৰি নিৰ্জ্জন গিৰিৰ
দৃঢ়মনা হই গ’লা সমৰ ক্ষেত্ৰত,
ৰাখিব স্বাধীন সম জনম ভূমিৰ॥
জনম ভূমিত লাগি, উন্মাদিনী হই
সমৰ সোঁতত দিলা দেহা উটুৱাই,

[ ৮১ ]

শত্ৰুৰ তেজেৰে কৰি জন্ম ভূমি ৰঙ্গা,
স্বাধীনতা মহাধন আনিলা ঘূৰাই!
ভাৰতত, হায়! জোনা! প্ৰাচীন কালত,
দানৱ যুদ্ধত যেনে ভীমামুৰ্ত্তি শ্যামা—
অলিন যুদ্ধত আৰু বিপক্ষ মাজত
ভয়ঙ্কৰ তেনে তুমি ভীমামুৰ্ত্তি, জোনা।
দানৱ দলন কৰি, পুৰি অবাৰ
ৰাখিলা যিৰূপে দেবী নৃমুণ্ড মালিনী,
ব্ৰিটনক হেৰুৱাই ৰাখিলা সিদৰে
স্বাধীনতা মহাধন ফৰাচীৰ তুমি॥
কিন্তু, জোনা! অৱশেষে, দুৰ্ভাগ্যৰ বলে!
বিপক্ষৰ হাতে পৰি হেৰুৱালা প্ৰাণ,
লাৱণ্য দেহাত সহি, বিপক্ষ সেনাৰ
অমানুষি অত্যাচাৰ, কত অপমান।
বীৰাঙ্গনা তুমি, জোনা৷ আদৰ্শ ৰমণী
ফৰাচী বাসীৰ তুমি গৌৰবৰ ধন,
কিন্তু অকালত, হায়! আাধাফুলা কলি।
শুকুৱালে নিদাৰুণ সূৰ্য্যৰ দহন॥
বহুদিন হ’ল, জোনা! এৰিছা সংসাৰ,—
কিন্তু তযু আছে নাম আজিও জীয়াই!

[ ৮২ ]

জগত বাসীৰ, হায়! হৃদয় ফলিত
থাকিব তোমাৰ ছবি, মুছিলে না যায়॥
থাকিব যিমান দিন ফৰাচীৰ নাম,
যত দিন ইতিহাস থাকিব মৰ্ত্ত্যত,
থাকিব তোমাৰ নাম, ততদিন, জোনা—
হৃদয় পটত অঁকা, এই জগতত॥