লাহৰী/একাদশ আধ্যা

ৱিকিউৎসৰ পৰা
[ ৭১ ]
১১। আধ্যা।
খোজাবঢ়া।

 ৰাতি ভাত-পানী খাই উঠি ৰত্নেশ্বৰ শুবলৈ গল। কিন্তু, তিনিখনমান তামোল খাবৰ পৰলৈকে তেওঁ মনেপতা নতুন সংসাৰত দুখৰ ঘৰ সাজি চাওঁতে চাওঁতে চকু জাপ নোযোৱা হল। তেওঁ মনৰ কথা ব্যক্ত কৰি হৃদয় শাঁত কৰিবৰ উদ্দেশ্যে উঠি আহি পামপুৰীয়াক মাতিলে। তেৱোঁ শুইছিলগৈ মাখোন; ৰত্নেশ্বৰৰ মাত শুনি তেওঁ উঠি আহিল। তাৰ পাচত, দুপৰমান ৰাতিলৈকে দুয়ো বহি বিয়াৰ বিষয়ে নানা তৰহৰ আলচ পাতিবলৈ ধৰিলে। পাচলৈ পামপুৰীয়াৰ টোপনি অহাত, কথা পাতি থাকোঁতেই তেওঁ জপৰ্-জপৰ্ টোপনিয়াবলৈ ধৰিলে। সদৌশেহত, অসহনি পাই পামপুৰীয়াই কলে, “বোপা-দেউতা, কিনে-ৰূপে-সৈতে, মই শোওঁগৈ হে এতিয়া, যি কথা পাতিব লাগে, কিনো-ৰূপে-সৈতে, কাইলৈ দিনটো আছে।” এই বুলিয়েই পামপুৰীয়া ভিতৰলৈ সোমাই গল। ৰত্নেশ্বৰ অপ্ৰস্তুত হৈ উঠি আহি আকৌ শোৱাপাটীত পৰিল। কিন্তু, তেওঁৰ চকুত টোপনি নাই। আকাশত চাং পতা কখাৰ টোপোলা মেলি লৈ তেওঁ তাৰ কাম সামৰিব নোৱাৰাত পৰিল। বিয়া নো কেনেকৈ হব, বিয়ালৈ কাক কাক কি নিয়মেৰে নিমন্ত্ৰণ কৰিব, তাৰ পাচত বিয়া হৈ গলে লাহৰীক কেনে সুখেৰে ৰাখিবলৈ ইত্যাদি সুখৰ কল্পনাত ভোল গৈ শেহৰাতিলৈকৈ ৰত্নেশ্বৰৰ টোপনি নাই; পুৱঁতী নিশা মুঠেই চিল্‌মিলকৈ এঘুমটি আহিছিল। মানুহক সুখৰ বা দুখৰ চিন্তাই পালে সকলোৰে এনে গতি! তাতে, ৰত্নেশ্বৰক লাহৰীৰ মোহিনী মূৰ্ত্তিয়ে একেবাৰে বিমোহিত কৰি থৈছে। পিচদিনা শুই উঠিয়েই ৰত্নেশ্বৰে আকৌ [ ৭২ ] পামপুৰীয়াৰে সৈতে মন্ত্ৰণাত বহিল। ৰত্নেশ্বৰে নো ৰাতিৰপৰা দিনৰ দুপৰলৈকে কিমান কথা পাতিলে তাৰ অন্ত নাই। তথাপি, কথাৰ অন্তু নপৰে;আজি ৰত্নেশ্বৰ কথাৰ সাগৰ। কিন্তু, কথা সেই একেবুৰিয়েই। তাকে পাগুলি থাকিয়েই ৰত্নেশ্বৰৰ মনত সুখ-শান্তিয়ে নধৰা হৈছে। পামপুৰীয়াৰ শুনোতে শুনোতে আমনি লগাত পৰিল। সেই একে কথাকে পাতি থাকিবলৈ পালেই ৰত্নেশ্বৰ আনন্দত ফুলি থাকে; কথাৰ অন্ত পৰিলেই উগুল-খুগুল ভাবত তেওঁ অস্থিৰ হৈ পৰে। তেতিয়া এটা মূহূৰ্ত্তই যেন নাযায়-নুপুৱায় তেওঁৰ মানত এনে হে লাগে। দুখে-সুখে যেনে-তেনেকৈ সেই দিনটো গল, আকৌ ৰাতি আহিল। সেই ৰাতি পামপুৰীয়াই কথা শুনাৰ ভয়ত গধুলিতে জ্বৰ বুলি শুই থাকিলগৈ। ৰত্নেশ্বৰ ভাত ৰান্ধিবলৈ বহিল। কিন্তু, কিনো ৰান্ধিছে, কিনো বাঢ়িছে, তেওঁৰ গাত বিশেষ গম্ নাই। চৰুত তেল দি ইফালে কিবা ভাবোঁতে তালৈ পাহৰিলেই; যেতিয়া তেলত জুই উঠি ভম্‌ভম‌্কৈ জ্বলিবলৈ ধৰিলে, তেওঁৰ গাত হুঁচ্ আহিছে। লৰালৰিকৈ বাটী এটাৰে সৈতে ঢাকোন দি জানিবা কোনোমতে ঘৰত জুই নলগাকৈ ৰাখিলে। তাৰ পাচত, আৰু আঞ্জা ৰান্ধিবলৈ কাৰবাৰ কৰা নহল; শুদাই-নিকাই দুগৰাহমান খাওঁ বুলি তেওঁ খাবলৈ বহিল। স্বৰূপাৰ্থত, আজি ৰত্নেশ্বৰৰ মানত বাৰখন আঞ্জাৰে খোৱাও যেনে, লোণ চেলেকি শুদা ভাত খোৱাও তেনে। এই দৰে ভাত খাবলৈ ধৰি এগৰাহ বা দুগৰাহ মাৰিয়েই সেই পোনেই তেওঁ আকৌ টলকা মাৰি ৰয়; একোবাৰ ওপৰলৈ চাই থাকোতে ভাত বিচাৰি মাটিতে খেপিয়াবলৈ ধৰে ! এই দৰে খাওঁতে খাওঁতে ৰত্নেশ্বৰে ভাত অন্ত কৰি আকৌ কাঁহী চেলেকিবলৈ ধৰিলে। তাৰ পাচত, মুখ নোধোৱাকৈয়ে ভাবৰ পাকত ঘূৰি ৰত্নেশ্বৰ আহি শোৱা ঠাই পালেহি। তেতিয়া হে আকৌ মনত কৰি তেওঁ মুখ ধুই আহিছেগৈ। ভাত খোৱা হল; কিন্তু মুহুদি আৰু নহল; সেইভাগেই ৰত্নেশ্বৰ শোৱা পাটীত [ ৭৩ ] পৰিলগৈ। এই ৰাতিও তেওঁৰ কেনেকৈ গল, তাক সহজে অনুমান কৰিব পাৰি। আগ-ৰাতিও টোপনি নাই, সেই ৰাতিও টোপনিয়ে ৰত্নেশ্বৰৰ ওচৰ চাপিব নোৱাৰিলে। পিচদিনা ৰাতিপুৱাই ছোৱালী খুজিবলৈ যাবলৈ খৰ্‌ধৰ্‌ লগাই, ৰত্নেশ্বৰ পামপুৰীয়াৰে সৈতে আকৌ মন্ত্ৰণাত বহিল।

 ৰত্নেশ্বৰ।—“আলহী ভকত! এই বেলাই ছোৱালী খুজিবলৈ যোৱাহক, কি বোলাঁ?”

 পামপুৰীয়া।—“নহয়, বোপা-দেউতা, কিনো-ৰূপে-সৈতে, ভাত-পানী খাই গলে হে ভাল।”

 ৰত্নেশ্বৰ।—“নহয়, আলহী ভকত! সেইবোৰ ফাংফুং নকৰিবা আৰু, বুজিছা নে। মই এই বেলাতে যাবলৈকে স্থিৰ কৰিলোঁ। এতিয়া, লগত কোন্ কোন্ যাব সেইটো মাথোন স্থিৰ কৰাঁ।”

 পামপুৰীয়া।—“বাৰু, তেন্তে কিনো-ৰূপ-সৈতে, এতিয়াই যাব লাগে। লগত আৰু, কিনো-ৰূপে-সৈতে, কোন্ যাব? সৰহকৈ মানুহৰ, কিনো-ৰূপে-সৈতে, কি সকাম? আপুনি যাব আৰু, কিনো-ৰূপে-সৈতে, মই যাম। আপুনি মুঠে, কিনো-ৰূপে-সৈতে, বহি থাকিব; যি কব লাগে, কিনো ৰূপে-সৈতে, সকলো কথা মই কম।”

 ৰত্নেশ্বৰ।—“হয়, তেন্তে আলহী ভকত ! পলম নকৰিবাঁ আৰু; উঠাঁ উঠাঁ ৷ মোৰে শপত কাপোৰ-কানি পিন্ধাগৈ উঠাঁ।”

 লৰালৰিকৈ সাজু হৈ দুয়ো ছোৱালী খুজিবলৈ খোজ ললে। বাটে-বাটে যে ৰত্নেশ্বৰৰ মন কি হৈছিল, ক’ত আছিলগৈ আমি বুজিম কি, তেওঁৱেই কব নোৱাৰে। যথা সময়ত ৰত্নেশ্বৰ আৰু পামপুৰীয়া কীৰ্ত্তিনাথ গোহাঞিৰ ঘৰ পালেগৈ। বেটী ছোৱালী এজনী আহি ৰত্নেশ্বৰক, কঠ এটা আৰু পামপুৰীয়াক ঢাৰি এখন বহিৰলৈ পাৰি দিলেহি। পামপুৰীয়াই বহিয়েই বেটী ছোৱালীজনীক সুধিলে, “হেৰ,আহিনী,ডাঙৰীয়া-দেউতা,কিনো-ৰূপে-সৈতে,ঘৰত আছে নে? [ ৭৪ ] আছে যদি, কগৈ যাচোন, বুলি, কিনো-ৰূপে-সৈতে, গুৱাহাটীৰপৰা ভাল মানুহ এজন, কিনো-ৰূপে-সৈতে, ডাঙৰীয়া-দেউতাক দেখা কৰিবলৈ আহিছে।” বেটী ছোৱালীজনীয়ে ভিতৰলৈ গৈ কীৰ্ত্তিনাথ গোহাঞিক এই কথা জনালেগৈ। কীৰ্ত্তিনাথ গোহাঞিয়ে ভিতৰত ঘৈণীৰে সৈতে লাহৰীৰ বিয়াৰ বিষয়ে আলচ পাতি আছিল। অলপ পাচত ভাঙৰীয়া ওলাই আহি এখন মেৰচাৰিত বহিল। বহিয়েই, তেওঁ পামপুৰীয়াক সুধিলে, “এওঁনো কোন্? এওঁক মই আৰু এদিন কৰবাত দেখিছিলোঁ ।” পামপুৰীয়াই ৰত্নেশ্বৰৰ আঁতি-গুৰি ভাঙ্গি সকলো কথা কবলৈ ধৰিলে। কথাপ্ৰসঙ্গত সুবিধা উলিয়াই পামপুৰীয়াই ৰত্নেশ্বৰলৈ আঙ্গুলিয়াই কলে, “এওঁ বোপা-দেউতা, কিনো-ৰূপে-সৈতে, ডাঙৰীয়া দেউতাৰ এখেত কিবা এটি সকামত হে আহিছে।” কীৰ্ত্তিনাথ গোহাঞিয়ে ৰত্নেশ্বৰৰ ফালে ঘূৰি সুধিলে, “বোপাৰ নো কি সকাম আছিল? মই তোমালোকৰ ঘৰৰ কথা জানোঁ; আমি গুৱাহাটীত থাকোঁতে তোমাৰ দেউতাৰৰে সৈতে মোৰ আলাপ-পৰিচয় আছিল।”

 ৰত্নেশ্বৰ ।-“আমাৰ কব লগীয়া সকলো কথা ডাঙৰীয়াক এওঁ ককায়েই কওক।”

 অনুমতিৰ সুবিধা পোৱা মাত্ৰকে পামপুৰীয়াই সকলো কথা ভাঙ্গি-পাতি কবলৈ ধৰিলে। অলপ পৰ থামি আকৌ কলে, “ডাঙৰীয়া-দেউতা, বোপা-দেউতাৰ ঘৰৰ ফালে, কিনো-ৰূপে-সৈতে, কবই নেলাগে; মই অলপতে গুৱাহাটীলৈ যাওঁতে, কিনো-ৰূপে-সৈতে, এওঁৰ ঘৰ-বাৰী সকলো নিজে দেখি আহিছোঁ । মোৰ কৰা নপতিয়ালেও, কিনে-ৰূপে-সৈতে, ডাঙৰীয়া দেউতাই মানুহ পঠিয়াই, কিনো-ৰূপে-সৈতে, চোৱাবও পাৰে।”

 কীৰ্ত্তিনাথ ।—“তেওঁৰ ঘৰৰ কথা তুমি কব নালাগে; ময়ো নিজেই জানোঁ আৰু দেখিছোঁ ৷ কিন্তু, মাকক সুধিলে হে কব পাৰোঁ ৷ বাৰু, তোমালোক খন্তেকমান বঁহা; মই বেগতে ভিতৰত সুধি আহোঁগৈ ৷” [ ৭৫ ]  এই বুলি কীৰ্ত্তিনাথ গোহাঞি ভিতৰলৈ উঠি গল। ঘৈণীৰ ওচৰলৈ গৈ তেওঁ এই বুলি কবলৈ ধৰিলে, “চোৱাঁ এতিয়া, মই নকৈছিলোঁ, বোলোঁ গুৱাহাটী বা আন ঠাইত স্থিৰ কৰিব লগীয়া হলে, ভাল মানুহৰ ভাল লৰাৰ বৰ অভাৱ নাই। সৌটি চোৱাঁ, আমাৰ, কি নাম বোলে পাহৰিছোঁ, ৰাজখোৱাৰ পুতেক, মই তেওঁৰ দেউতাকৰ নাম পাহৰিছোঁ, লাহৰীক খুজিবলৈ আহিছে। তুমি এতিয়া কি বোলাঁ ? মই হলে ভাল দেখিছোঁ।”

 ঘৈণী ৷-(ৰত্নেশ্বৰক জুমি চাই } “লৰাটি হলে বেয়া নহয়। তথাপি,মই সিমান দূৰৈলৈ দিব নোৱাৰোঁ।”

 কীৰ্ত্তিনাথ ।-“তোমাক আৰু এনে লৰালি কথাই নেৰিলে। জীয়াৰী ছোৱালী তুমি সদায় বুকুত লৈ থাকিবলৈ পাবা নেকি? নাই, তুমিয়েই হে ছোৱালী উলিয়াই দিব লগাত পৰিছে, আন কোনেও হোৱালী বিয়া দিয়াই নাই নে?”

 ঘৈণী।—“ডাঙৰীয়া। মোক যেই বোলক, মই মোৰ একেটি পোনাক সিমান দূৰৈলৈ দিব নোৱাৰোঁ; ভাল হওক, বেয়া হওক, মই আপোনাৰ আগৰ কথাতে মান্তি হৈছোঁ ৷ যি হওক, ওচৰতে ধনবৰলৈকে দিব লাগে ।”

 কীৰ্ত্তিনাথ ।-“তুমি আৰু দিনে দিনে কেঁচুৱা হৈ হে আহিছাঁ। যেই সেই কথা—”

 ঘৈণী।-“মোৰে শপত, ডাঙৰীয়, যোক আৰু সেইবোৰ কথা একো নুসুধিব। মই কেতিয়াও সিমান দূৰৈলৈ নিদিওঁ। লোকৰ মানুহ অনাহকত ৰখাই থোৱাৰ সকাম নাই; যাওক যাওক, সোনকালে বিদায় দিয়কগৈ ।”

 কীৰ্ত্তিনাথ ৷- “অলপ কথাতে ইমান ব্যাকুল হোৱাঁ কিয়; স্থিৰ হোৱাঁ ৷ মোৰ কথা শুনা-” [ ৭৬ ]  ঘৈণী।-“মই আৰু স্থিৰ হবলৈ নাই; যি কৈছোঁ, মই স্থিৰ হৈয়ে কৈছোঁ । মোক নবধিব ডাঙৰীয়া! আপোনাৰ চৰণত ধৰি মাতিছোঁ ।” এই বুলি তেওঁ কান্দিবলৈ ধৰিলে।

 কীৰ্ত্তিনাথ গোহাঞি নিৰুপায়! তেওঁ মৰমৰ ভাৰ্য্যাক বেজাৰ দিয়া হে নালাগে, তেওঁক নোসোধাকৈ কোনো এটা কামকে নকৰে। অগত্যা,তেওঁ ৰত্নেশ্বৰক বিদায় দিবলৈকে ওলাই আহিল। ইফালে ৰত্নেশ্বৰৰ প্ৰাণত তৰণি নাই; কীৰ্ত্তিনাথ গোহাঞি ওলাই অহাত পলম হবৰ দেখি তেওঁ উগুল-থুগুল ভাবত ভিতৰি অস্থিৰ হৈ পৰিছিল। কীৰ্ত্তিনাথ গোহাঞি ওলাই অহাত, তেওঁৰ মুখ দেখিয়েই ৰত্নেশ্বৰে বুজিলে যে, তেওঁ যি আশঙ্কা কৰিছিল জানোবা ঠিক সেয়েই হল! কীৰ্ত্তিনাথ গোহাঞিয়ে বিমৰ্ষ ভাৱে থিয়ৈ-থিয়ৈ কবলৈ ধৰিলে, “বোপা! সকলো মিছা হল। মই তোমালোকক ৰখাই থৈ অনাহকত কষ্ট হে দিলোঁ । মাকৰ ইচ্ছা নাই, মই কি কৰিম!”. এই কথা শুনিয়েই ৰত্নেশ্বৰ একেবাৰে নিৰাশত সেই পোনেই শেঁতা পৰি গল। কিনো কব, কিনো নকব একো স্থিৰ কৰিব নোৱাৰা হৈ পৰিল। তাৰ পাচত, পামপুৰীয়াই মাত লগালে,“ডাঙৰীয়া-দেউতা, কিনো-ৰূপে-সৈতে, বহকচোন। আপুনি নো, কিনো ৰূপে সৈতে, কি কামটো কৰিলে। আকৌ ভালকৈ এবাৰ, কিনো ৰূপে সৈতে, ভাবি চাওক। মাকে আক, কিনো-ৰূপে সৈতে, ছোৱালী উলিয়াই দিবই নোখোজে; সেই বুলি, কিনো-ৰূপে-সৈতে, আপুনিও সেই কথাতে ভিৰ দিব নে? মই হলে কৈছোঁ, কিনে-ৰূপে-সৈতে, এনেটি দৰা পোৱা টান হব।”

  কীৰ্ত্তিনাথ।-“সেইবোৰ কথা কলে আৰু কি হব? মাকৰ মন নহলে মই এনে কাম কৰিব নোৱাৰোঁ। বোপা, বেয়া নাপাবাঁ, যোৱাঁ আৰু ! মই কি কৰিম! [ ৭৭ ]  এই সমিধান পোৱা মাত্ৰকে ৰত্নেশ্বৰে একেচাবে উঠি, পামপুৰীয়াক তাতে এৰি ভোঁ-ভোঁকৰে গুচি গল। তাৰ পাচত, পামপুৰীয়ো লাহেকৈ উঠি ঘৰৰ ফালে খোজ ললে। ঘৰত পামপুৰীয়াই দেখেগৈ দেখোন, ৰত্নেশ্বৰ তেওঁৰ ঘৰলৈ উলটিবলৈকে ওলাইছে। পামপুৰীয়াই দেখিয়েই, ৰত্নেশ্বৰে ৰূপ তিন্ টকা বঁটা স্বৰুপে দি কলে, “পামপুৰীয়া, মোৰ আৰু ইয়াত সৰহ পৰ থাকিবৰ মন নাই। মই এতিয়াই যাওঁগৈ, তোমাক সৰহ দিব নোৱাৰিলোঁ। পাচে হে যি পাৰোঁ দিম; এতিয়াও তোমাৰ কাম আৰু আছে। মই এতিয়া ঘৰলৈ যাওঁ, তাৰ পাচত মোক কিছুমান কথাত তুমি সহায় কৰিব লাগিব।” টকা পাই পামপুৰীয়াৰ আনন্দত ঠাই নাইকিয়া হল। তেওঁ ভালৰি লগাই ৰত্নেশ্বৰক কবলৈ ধৰিলে, “বোপা-দৌতাই নো, কিনো-ৰূপে-সৈতে, মোক কব লাগিছে নে! এতিয়া, ভাত দুটামান খাই যোৱা হলে, কিনো ৰূপে-সৈতে, ভাল আছিল।”

 ৰত্নেশ্বৰ।—”মোক আৰু নধৰিবাঁ ককাই। পামপুৰ পাৰ নহওঁমানে গাকে নোধোওঁ। বেয়া নাপাবাঁ, মই এতিয়া আহোঁ হে।”

 ইয়াকে কৈ বেগাবেগিকৈ ৰত্নেশ্বৰে ঘৰৰ ফালে খোজ ললে। পামপুৰীয়ায়ো ভিতৰলৈ সোমাই গৈ ঘৈণীয়েকৰ আগত সাধুকথা কোৱাৰ দৰে ৰত্নেশ্বৰৰ ছোৱালী-খোজা কথা বৰ্ণাবলৈ ধৰিলে।

 ইফালে কীৰ্ত্তিনাথ গোহাঞি আৰু তেওঁৰ ভাৰ্য্যা দুয়ো বিয়াৰ নতুন যন্ত্ৰণাত বহিল,—

 কীৰ্ত্তিনাথ।—“মই হলে কথা বৰ ভাল দেখা নাই। ৰত্নেশ্বৰে যেনেকৈ হে খং কৰি গৈছে, ইয়াৰপৰা বৰ অমঙ্গলৰ আশঙ্কা আছে।”

 ঘৈণী ৷—“কিহৰ নো অমলঙ্গলৰ কথা কৈছে ? তাৰ খং উঠি গল বুলি আমাক কাটি-মাৰি উটুৱাই দিব পাৰিব নে কি? যি হওক, এতিয়া আৰু পলম কৰাৰ সকাম নাই; সোনকালে শুভকাম সমাধা কৰিব লাগে ।” [ ৭৮ ]  কীৰ্ত্তিনাথ।—“ক’তা, এতিয়াও শূলধৰ বৰগোহাঞিৰ ঘৰৰপৰা দেখোন খোজাবঢ়া একো হোৱাই নাই। যাছি দিব খুজিছাঁ নে কি?”

 ঘৈণী।—“মই শুনিছোঁ, বোলে, অহা বিৰস্পতিবাৰে তামোল-পাণ কটাবহি হেনো।"

 তাৰ পাচত দুদিন গল। বিৰস্পতি বাৰ পালেহি। শূলধৰ বৰগোহাঞিয়েও গাৱঁৰ বিষয়া জনচাৰেক আৰু পঢ়াশালিৰ পণ্ডিতৰে সৈতে কীৰ্ত্তিনাথ গোহাঞিৰ চ'ৰাঘৰত ছোৱালী খুজিবলৈ বহিলেহি। কীৰ্ত্তিনাথ গোহাঞি ওলাই আহি, আগেয়ে বুজ নোপোৱাৰ ভাও ধৰি সুধিলে, “আজি দেখোন তামোল-পাণে সৈতে সকলোটি ! সকাম বা কি?”

 এজন বিষয়া।—“সকাম অলপ আছে। বাৰু, বহকচোন।”

 ২য়, বিষয়া।—“সকাম এই, আজি আমাৰ বৰগোহাঞি ডাঙৰীয়াৰ লৰাটিলৈ আপোনাৰ ছোৱালীটি খুজিবলৈ অহা হৈছে। আপুনি কি বোলে জানো ?”

 কীৰ্ত্তিনাথ।—“এৰা, মই নো কি বুলিম। মোৰ ছোৱালী নহয় জানিবা আপোনাসকলৰে ছোৱালী। আপোনাসকলে যেনে ভাল দেখে তাত নো মোৰ কি আপত্তি আছে! তথাপি, মাকক সুধিলে হে কব পাৰোঁ ৷ মোৰ আৰু দেখিছেই, লৰা-ছোৱালী বুলিবলৈ একেটি ছোৱালী । যাতে ছোৱালীটিৰ আগলৈ সুখ হয়, সেয়ে হে বাঞ্ছনীয় ।”

 শূলধৰ।—“হয়, বিয়ৈদেউ, হয়। মোৰো একেটি লৰা দেখিছেই। মই জীয়াই থকাখিনিত আপোনাৰ ছোৱালীয়ে কেতিয়াও দুখ নাপায়।”

 ৩য়, বিষয়া—“অ, ছোৱালী খুজিবলৈ আহোঁতেই বৰগাহাঞিদেৱে সম্বন্ধ লগালেই। হোজা মানুহ দেহি!”

 কীৰ্ত্তিনাথ ৷-“বাৰু, তেন্তে ভিতৰত সুধি আহোঁ” এই বুলি লাহেকৈ তেওঁ উঠি গল। [ ৭৯ ]  সিফালে ভিতৰতো তিৰোতাৰ মেল চলিছে ! খোজা-বঢ়াৰ কখা পাতি থাকোঁতে, এগৰাকীয়ে মাত লগালে,“অঃ বৰগোহাঞি ডাঙৰীয়ানীয়ে ছোৱালী খুজিবলৈ আহিছে, এতিয়া ছোৱালী চাব লাগে নহয়।”

 শূঃ ঘৈণী।—“এ, কিনো চাব লাগি দেও হে; মই নিজে কোলাত লৈ ডাঙৰ কৰা ছোৱালী সেই জনী।”

 আন এগৰাকী।—“নহয়, নহয়, তেও নিয়মটো ৰাখিব পায়।*

 সিফালে লাহৰীৰ চেষ্টাই নাই! ৰাতিপুৱাৰেপৰা কান্দোতে কান্দোতে চকুৰ পটাই কেহ্‌ৰাজৰ বৰণ ধৰিছে। খোজা-বঢ়া কৰিবলৈ মানুহ চাপিবৰপৰা যে তেওঁৰ গাত সংজ্ঞা নোহোৱাৰ দৰে হল। বাহিৰত দেখুৱাবলৈ আনোতে তেওঁ সেই পোনেই যেন পৰি যায়! চকুৰ আগে দি ভমক্ ভমক্ জুই-আঙনি ওলাইছে; চাৰিওফালে লাহৰীয়ে ধুঁৱলি-কুৱঁলী দেখিছে । বাজে-ভিতৰে মানুহৰ মেলত কি হৈছে, কি মেলিছে লাহৰীৰ গাত তাৰ একো বুজ নাই। দুধাৰি চকু-লোত বাজে এই সময়ত লাহৰীৰ গাত আন একো নাই। তাৰ পাচত এগৰাকীয়ে বুজাবলৈ ধৰিলে, “নেকান্দিবি,অ, আই! এইখনো ঘৰ, সেইখনো ঘৰ, অই কিবা দেশ এৰি বিদেশলৈ যাব লাগিছে নে? কত মানুহৰ কপালেৰে তেনেও হয়।” এনে সময়তে কীৰ্ত্তিনাথ গোহাঞি সোমাই আহিল। তিৰোতাসকলে মূৰৰ ওৰণি টানি লৈ তললৈ মূৰ কৰিলে । কীৰ্ত্তিনাথ গোহাঞিয়ে ঘৈণীক ভিতৰলৈ মাতি নি কলেগৈ, “মই একেবাৰে মত দিয়া নাই। তোমাক সোধোঁগৈ বুলি হে আহিছোঁ।”

 ঘৈণী৷—“আকৌ যাওক তেন্তে, যি হয় কওকগৈ ৷ আৰু নো কি সুধিবলৈ আছে।”

 কীৰ্ত্তিনাথ৷—“মই যাওঁ বাৰু, ছোৱালীটি বৰকৈ বিহ্বল হৈছে; অলপ মন কৰিবাঁ।” এই বুলি তেওঁ আকৌ বাহিৰলৈ ওলাই আহিল।” [ ৮০ ]  ১ম, বিষয়া।—“কি হল ডাঙৰীয়া? কি মন্ত্ৰণা নো কৰিলে?”

 কীৰ্ত্তিনাথ।—“এৰা, সিফালেও তিৰোতাসকলৰ মেল বহিছে। ভিতৰৰ ফালে ঠিকেই হল।”

 ২য়, বিষয়াঃ—“তেনেহলে কথাই নাই আৰু। ভাল, এতিয়া শৰাই ভাঙ্গক ৷”

 কীৰ্ত্তিনাথ।(শৰাই চুই)— “মই বাৰু চুই দিছোঁ; আপোনাসকলেই ভাঙ্গকচোন ।”

 ৩য়, বিষয়া। “বাৰু, তেন্তে বিয়াৰ দিন নো কেতিয়া স্থিৰ কৰা হৈছে? মোৰ মনেৰে হলে অহা বহাগতে হলেই ভাল।”

 কীৰ্ত্তিনাথ।—“এৰা, শুভকাৰ্য্য শীঘ্ৰে হোৱাই ভাল। কিন্তু, বহাগ ছোৱালীটিৰ ওপজা-মাহ। সেই কাৰণে আহাৰ মাহত হলেই ভাল দেখোঁ? আহাৰ মাহতো দিন খাকিব পায়।”

 পঢ়াশালিৰ পণ্ডিত।—“আছে, এই বাৰ আহাৰ মাহত হে বিয়াৰ বৰ ভাল দিন আছে।”

 ৪ৰ্থ বিষয়া। “বাৰু, তেন্তে সেয়ে হল। এতিয়া আৰু আমাৰ আন কাম নাই। আমি তেন্তে উঠিব হে লাগে।”

 কীৰ্ত্তিনাথ—“বহক, বহক, তামোল খাই যাওক।”

 তাৰ পাচত, আন-আন বাজে কথা দুটা-চাইটা পাতি তামোল-পাণ খাই সকলোৱে দিহাদিহি প্ৰস্থান কৰিলে।