পামপুৰীয়াৰে সৈতে মন্ত্ৰণাত বহিল। ৰত্নেশ্বৰে নো ৰাতিৰপৰা দিনৰ দুপৰলৈকে কিমান কথা পাতিলে তাৰ অন্ত নাই। তথাপি, কথাৰ অন্তু নপৰে;আজি ৰত্নেশ্বৰ কথাৰ সাগৰ। কিন্তু, কথা সেই একেবুৰিয়েই। তাকে পাগুলি থাকিয়েই ৰত্নেশ্বৰৰ মনত সুখ-শান্তিয়ে নধৰা হৈছে। পামপুৰীয়াৰ শুনোতে শুনোতে আমনি লগাত পৰিল। সেই একে কথাকে পাতি থাকিবলৈ পালেই ৰত্নেশ্বৰ আনন্দত ফুলি থাকে; কথাৰ অন্ত পৰিলেই উগুল-খুগুল ভাবত তেওঁ অস্থিৰ হৈ পৰে। তেতিয়া এটা মূহূৰ্ত্তই যেন নাযায়-নুপুৱায় তেওঁৰ মানত এনে হে লাগে। দুখে-সুখে যেনে-তেনেকৈ সেই দিনটো গল, আকৌ ৰাতি আহিল। সেই ৰাতি পামপুৰীয়াই কথা শুনাৰ ভয়ত গধুলিতে জ্বৰ বুলি শুই থাকিলগৈ। ৰত্নেশ্বৰ ভাত ৰান্ধিবলৈ বহিল। কিন্তু, কিনো ৰান্ধিছে, কিনো বাঢ়িছে, তেওঁৰ গাত বিশেষ গম্ নাই। চৰুত তেল দি ইফালে কিবা ভাবোঁতে তালৈ পাহৰিলেই; যেতিয়া তেলত জুই উঠি ভম্ভম্কৈ জ্বলিবলৈ ধৰিলে, তেওঁৰ গাত হুঁচ্ আহিছে। লৰালৰিকৈ বাটী এটাৰে সৈতে ঢাকোন দি জানিবা কোনোমতে ঘৰত জুই নলগাকৈ ৰাখিলে। তাৰ পাচত, আৰু আঞ্জা ৰান্ধিবলৈ কাৰবাৰ কৰা নহল; শুদাই-নিকাই দুগৰাহমান খাওঁ বুলি তেওঁ খাবলৈ বহিল। স্বৰূপাৰ্থত, আজি ৰত্নেশ্বৰৰ মানত বাৰখন আঞ্জাৰে খোৱাও যেনে, লোণ চেলেকি শুদা ভাত খোৱাও তেনে। এই দৰে ভাত খাবলৈ ধৰি এগৰাহ বা দুগৰাহ মাৰিয়েই সেই পোনেই তেওঁ আকৌ টলকা মাৰি ৰয়; একোবাৰ ওপৰলৈ চাই থাকোতে ভাত বিচাৰি মাটিতে খেপিয়াবলৈ ধৰে ! এই দৰে
খাওঁতে খাওঁতে ৰত্নেশ্বৰে ভাত অন্ত কৰি আকৌ কাঁহী চেলেকিবলৈ ধৰিলে। তাৰ পাচত, মুখ নোধোৱাকৈয়ে ভাবৰ পাকত ঘূৰি ৰত্নেশ্বৰ আহি শোৱা ঠাই পালেহি। তেতিয়া হে আকৌ মনত কৰি তেওঁ মুখ ধুই আহিছেগৈ। ভাত খোৱা হল; কিন্তু মুহুদি আৰু নহল; সেইভাগেই ৰত্নেশ্বৰ শোৱা পাটীত
পৃষ্ঠা:লাহৰী.pdf/৭২
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২১০
লাহৰী ৷