পৃষ্ঠা:লাহৰী.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১। আধ্যা।
খোজাবঢ়া।

 ৰাতি ভাত-পানী খাই উঠি ৰত্নেশ্বৰ শুবলৈ গল। কিন্তু, তিনিখনমান তামোল খাবৰ পৰলৈকে তেওঁ মনেপতা নতুন সংসাৰত দুখৰ ঘৰ সাজি চাওঁতে চাওঁতে চকু জাপ নোযোৱা হল। তেওঁ মনৰ কথা ব্যক্ত কৰি হৃদয় শাঁত কৰিবৰ উদ্দেশ্যে উঠি আহি পামপুৰীয়াক মাতিলে। তেৱোঁ শুইছিলগৈ মাখোন; ৰত্নেশ্বৰৰ মাত শুনি তেওঁ উঠি আহিল। তাৰ পাচত, দুপৰমান ৰাতিলৈকে দুয়ো বহি বিয়াৰ বিষয়ে নানা তৰহৰ আলচ পাতিবলৈ ধৰিলে। পাচলৈ পামপুৰীয়াৰ টোপনি অহাত, কথা পাতি থাকোঁতেই তেওঁ জপৰ্-জপৰ্ টোপনিয়াবলৈ ধৰিলে। সদৌশেহত, অসহনি পাই পামপুৰীয়াই কলে, “বোপা-দেউতা, কিনে-ৰূপে-সৈতে, মই শোওঁগৈ হে এতিয়া, যি কথা পাতিব লাগে, কিনো-ৰূপে-সৈতে, কাইলৈ দিনটো আছে।” এই বুলিয়েই পামপুৰীয়া ভিতৰলৈ সোমাই গল। ৰত্নেশ্বৰ অপ্ৰস্তুত হৈ উঠি আহি আকৌ শোৱাপাটীত পৰিল। কিন্তু, তেওঁৰ চকুত টোপনি নাই। আকাশত চাং পতা কখাৰ টোপোলা মেলি লৈ তেওঁ তাৰ কাম সামৰিব নোৱাৰাত পৰিল। বিয়া নো কেনেকৈ হব, বিয়ালৈ কাক কাক কি নিয়মেৰে নিমন্ত্ৰণ কৰিব, তাৰ পাচত বিয়া হৈ গলে লাহৰীক কেনে সুখেৰে ৰাখিবলৈ ইত্যাদি সুখৰ কল্পনাত ভোল গৈ শেহৰাতিলৈকৈ ৰত্নেশ্বৰৰ টোপনি নাই; পুৱঁতী নিশা মুঠেই চিল্‌মিলকৈ এঘুমটি আহিছিল। মানুহক সুখৰ বা দুখৰ চিন্তাই পালে সকলোৰে এনে গতি! তাতে, ৰত্নেশ্বৰক লাহৰীৰ মোহিনী মূৰ্ত্তিয়ে একেবাৰে বিমোহিত কৰি থৈছে। পিচদিনা শুই উঠিয়েই ৰত্নেশ্বৰে আকৌ