পৃষ্ঠা:লাহৰী.pdf/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২১৫
লাহৰী

 এই সমিধান পোৱা মাত্ৰকে ৰত্নেশ্বৰে একেচাবে উঠি, পামপুৰীয়াক তাতে এৰি ভোঁ-ভোঁকৰে গুচি গল। তাৰ পাচত, পামপুৰীয়ো লাহেকৈ উঠি ঘৰৰ ফালে খোজ ললে। ঘৰত পামপুৰীয়াই দেখেগৈ দেখোন, ৰত্নেশ্বৰ তেওঁৰ ঘৰলৈ উলটিবলৈকে ওলাইছে। পামপুৰীয়াই দেখিয়েই, ৰত্নেশ্বৰে ৰূপ তিন্ টকা বঁটা স্বৰুপে দি কলে, “পামপুৰীয়া, মোৰ আৰু ইয়াত সৰহ পৰ থাকিবৰ মন নাই। মই এতিয়াই যাওঁগৈ, তোমাক সৰহ দিব নোৱাৰিলোঁ। পাচে হে যি পাৰোঁ দিম; এতিয়াও তোমাৰ কাম আৰু আছে। মই এতিয়া ঘৰলৈ যাওঁ, তাৰ পাচত মোক কিছুমান কথাত তুমি সহায় কৰিব লাগিব।” টকা পাই পামপুৰীয়াৰ আনন্দত ঠাই নাইকিয়া হল। তেওঁ ভালৰি লগাই ৰত্নেশ্বৰক কবলৈ ধৰিলে, “বোপা-দৌতাই নো, কিনো-ৰূপে-সৈতে, মোক কব লাগিছে নে! এতিয়া, ভাত দুটামান খাই যোৱা হলে, কিনো ৰূপে-সৈতে, ভাল আছিল।”

 ৰত্নেশ্বৰ।—”মোক আৰু নধৰিবাঁ ককাই। পামপুৰ পাৰ নহওঁমানে গাকে নোধোওঁ। বেয়া নাপাবাঁ, মই এতিয়া আহোঁ হে।”

 ইয়াকে কৈ বেগাবেগিকৈ ৰত্নেশ্বৰে ঘৰৰ ফালে খোজ ললে। পামপুৰীয়ায়ো ভিতৰলৈ সোমাই গৈ ঘৈণীয়েকৰ আগত সাধুকথা কোৱাৰ দৰে ৰত্নেশ্বৰৰ ছোৱালী-খোজা কথা বৰ্ণাবলৈ ধৰিলে।

 ইফালে কীৰ্ত্তিনাথ গোহাঞি আৰু তেওঁৰ ভাৰ্য্যা দুয়ো বিয়াৰ নতুন যন্ত্ৰণাত বহিল,—

 কীৰ্ত্তিনাথ।—“মই হলে কথা বৰ ভাল দেখা নাই। ৰত্নেশ্বৰে যেনেকৈ হে খং কৰি গৈছে, ইয়াৰপৰা বৰ অমঙ্গলৰ আশঙ্কা আছে।”

 ঘৈণী ৷—“কিহৰ নো অমলঙ্গলৰ কথা কৈছে ? তাৰ খং উঠি গল বুলি আমাক কাটি-মাৰি উটুৱাই দিব পাৰিব নে কি? যি হওক, এতিয়া আৰু পলম কৰাৰ সকাম নাই; সোনকালে শুভকাম সমাধা কৰিব লাগে ।”