পৃষ্ঠা:লাহৰী.pdf/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২১৪
লাহৰী ৷

 ঘৈণী।-“মই আৰু স্থিৰ হবলৈ নাই; যি কৈছোঁ, মই স্থিৰ হৈয়ে কৈছোঁ । মোক নবধিব ডাঙৰীয়া! আপোনাৰ চৰণত ধৰি মাতিছোঁ ।” এই বুলি তেওঁ কান্দিবলৈ ধৰিলে।

 কীৰ্ত্তিনাথ গোহাঞি নিৰুপায়! তেওঁ মৰমৰ ভাৰ্য্যাক বেজাৰ দিয়া হে নালাগে, তেওঁক নোসোধাকৈ কোনো এটা কামকে নকৰে। অগত্যা,তেওঁ ৰত্নেশ্বৰক বিদায় দিবলৈকে ওলাই আহিল। ইফালে ৰত্নেশ্বৰৰ প্ৰাণত তৰণি নাই; কীৰ্ত্তিনাথ গোহাঞি ওলাই অহাত পলম হবৰ দেখি তেওঁ উগুল-থুগুল ভাবত ভিতৰি অস্থিৰ হৈ পৰিছিল। কীৰ্ত্তিনাথ গোহাঞি ওলাই অহাত, তেওঁৰ মুখ দেখিয়েই ৰত্নেশ্বৰে বুজিলে যে, তেওঁ যি আশঙ্কা কৰিছিল জানোবা ঠিক সেয়েই হল! কীৰ্ত্তিনাথ গোহাঞিয়ে বিমৰ্ষ ভাৱে থিয়ৈ-থিয়ৈ কবলৈ ধৰিলে, “বোপা! সকলো মিছা হল। মই তোমালোকক ৰখাই থৈ অনাহকত কষ্ট হে দিলোঁ । মাকৰ ইচ্ছা নাই, মই কি কৰিম!”. এই কথা শুনিয়েই ৰত্নেশ্বৰ একেবাৰে নিৰাশত সেই পোনেই শেঁতা পৰি গল। কিনো কব, কিনো নকব একো স্থিৰ কৰিব নোৱাৰা হৈ পৰিল। তাৰ পাচত, পামপুৰীয়াই মাত লগালে,“ডাঙৰীয়া-দেউতা, কিনো-ৰূপে-সৈতে, বহকচোন। আপুনি নো, কিনো ৰূপে সৈতে, কি কামটো কৰিলে। আকৌ ভালকৈ এবাৰ, কিনো ৰূপে সৈতে, ভাবি চাওক। মাকে আক, কিনো-ৰূপে সৈতে, ছোৱালী উলিয়াই দিবই নোখোজে; সেই বুলি, কিনো-ৰূপে-সৈতে, আপুনিও সেই কথাতে ভিৰ দিব নে? মই হলে কৈছোঁ, কিনে-ৰূপে-সৈতে, এনেটি দৰা পোৱা টান হব।”

  কীৰ্ত্তিনাথ।-“সেইবোৰ কথা কলে আৰু কি হব? মাকৰ মন নহলে মই এনে কাম কৰিব নোৱাৰোঁ। বোপা, বেয়া নাপাবাঁ, যোৱাঁ আৰু ! মই কি কৰিম!