পৃষ্ঠা:লাহৰী.pdf/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২১১
লাহৰী


পৰিলগৈ। এই ৰাতিও তেওঁৰ কেনেকৈ গল, তাক সহজে অনুমান কৰিব পাৰি। আগ-ৰাতিও টোপনি নাই, সেই ৰাতিও টোপনিয়ে ৰত্নেশ্বৰৰ ওচৰ চাপিব নোৱাৰিলে। পিচদিনা ৰাতিপুৱাই ছোৱালী খুজিবলৈ যাবলৈ খৰ্‌ধৰ্‌ লগাই, ৰত্নেশ্বৰ পামপুৰীয়াৰে সৈতে আকৌ মন্ত্ৰণাত বহিল।

 ৰত্নেশ্বৰ।—“আলহী ভকত! এই বেলাই ছোৱালী খুজিবলৈ যোৱাহক, কি বোলাঁ?”

 পামপুৰীয়া।—“নহয়, বোপা-দেউতা, কিনো-ৰূপে-সৈতে, ভাত-পানী খাই গলে হে ভাল।”

 ৰত্নেশ্বৰ।—“নহয়, আলহী ভকত! সেইবোৰ ফাংফুং নকৰিবা আৰু, বুজিছা নে। মই এই বেলাতে যাবলৈকে স্থিৰ কৰিলোঁ। এতিয়া, লগত কোন্ কোন্ যাব সেইটো মাথোন স্থিৰ কৰাঁ।”

 পামপুৰীয়া।—“বাৰু, তেন্তে কিনো-ৰূপ-সৈতে, এতিয়াই যাব লাগে। লগত আৰু, কিনো-ৰূপে-সৈতে, কোন্ যাব? সৰহকৈ মানুহৰ, কিনো-ৰূপে-সৈতে, কি সকাম? আপুনি যাব আৰু, কিনো-ৰূপে-সৈতে, মই যাম। আপুনি মুঠে, কিনো-ৰূপে-সৈতে, বহি থাকিব; যি কব লাগে, কিনো ৰূপে-সৈতে, সকলো কথা মই কম।”

 ৰত্নেশ্বৰ।—“হয়, তেন্তে আলহী ভকত ! পলম নকৰিবাঁ আৰু; উঠাঁ উঠাঁ ৷ মোৰে শপত কাপোৰ-কানি পিন্ধাগৈ উঠাঁ।”

 লৰালৰিকৈ সাজু হৈ দুয়ো ছোৱালী খুজিবলৈ খোজ ললে। বাটে-বাটে যে ৰত্নেশ্বৰৰ মন কি হৈছিল, ক’ত আছিলগৈ আমি বুজিম কি, তেওঁৱেই কব নোৱাৰে। যথা সময়ত ৰত্নেশ্বৰ আৰু পামপুৰীয়া কীৰ্ত্তিনাথ গোহাঞিৰ ঘৰ পালেগৈ। বেটী ছোৱালী এজনী আহি ৰত্নেশ্বৰক, কঠ এটা আৰু পামপুৰীয়াক ঢাৰি এখন বহিৰলৈ পাৰি দিলেহি। পামপুৰীয়াই বহিয়েই বেটী ছোৱালীজনীক সুধিলে, “হেৰ,আহিনী,ডাঙৰীয়া-দেউতা,কিনো-ৰূপে-সৈতে,ঘৰত আছে নে?