এই বুলি কীৰ্ত্তিনাথ গোহাঞি ভিতৰলৈ উঠি গল। ঘৈণীৰ ওচৰলৈ গৈ তেওঁ এই বুলি কবলৈ ধৰিলে, “চোৱাঁ এতিয়া, মই নকৈছিলোঁ, বোলোঁ গুৱাহাটী বা আন ঠাইত স্থিৰ কৰিব লগীয়া হলে, ভাল মানুহৰ ভাল লৰাৰ বৰ অভাৱ নাই। সৌটি চোৱাঁ, আমাৰ, কি নাম বোলে পাহৰিছোঁ, ৰাজখোৱাৰ পুতেক, মই তেওঁৰ দেউতাকৰ নাম পাহৰিছোঁ, লাহৰীক খুজিবলৈ আহিছে। তুমি এতিয়া কি বোলাঁ ? মই হলে ভাল দেখিছোঁ।”
ঘৈণী ৷-(ৰত্নেশ্বৰক জুমি চাই } “লৰাটি হলে বেয়া নহয়। তথাপি,মই সিমান দূৰৈলৈ দিব নোৱাৰোঁ।”
কীৰ্ত্তিনাথ ।-“তোমাক আৰু এনে লৰালি কথাই নেৰিলে। জীয়াৰী ছোৱালী তুমি সদায় বুকুত লৈ থাকিবলৈ পাবা নেকি? নাই, তুমিয়েই হে ছোৱালী উলিয়াই দিব লগাত পৰিছে, আন কোনেও হোৱালী বিয়া দিয়াই নাই নে?”
ঘৈণী।—“ডাঙৰীয়া। মোক যেই বোলক, মই মোৰ একেটি পোনাক সিমান দূৰৈলৈ দিব নোৱাৰোঁ; ভাল হওক, বেয়া হওক, মই আপোনাৰ আগৰ কথাতে মান্তি হৈছোঁ ৷ যি হওক, ওচৰতে ধনবৰলৈকে দিব লাগে ।”
কীৰ্ত্তিনাথ ।-“তুমি আৰু দিনে দিনে কেঁচুৱা হৈ হে আহিছাঁ। যেই সেই কথা—”
ঘৈণী।-“মোৰে শপত, ডাঙৰীয়, যোক আৰু সেইবোৰ কথা একো নুসুধিব। মই কেতিয়াও সিমান দূৰৈলৈ নিদিওঁ। লোকৰ মানুহ অনাহকত ৰখাই থোৱাৰ সকাম নাই; যাওক যাওক, সোনকালে বিদায় দিয়কগৈ ।”
কীৰ্ত্তিনাথ ৷- “অলপ কথাতে ইমান ব্যাকুল হোৱাঁ কিয়; স্থিৰ হোৱাঁ ৷ মোৰ কথা শুনা-”