লাহৰী/দ্বাদশ আধ্যা

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
লাহৰী
লেখক পদ্মনাথ গোহাঞিবৰুৱা

[ ৮১ ]

১২। আধ্যা।
——⸺⸺——
চিঠি-পত্ৰ।

 সেই দিনা লাহৰীক অকলশৰে পুখুৰীপাৰৰ ফুলনিত বাউলী অৱস্থাত এৰি অহাৰেপৰা সিদিনা আকৌ খোজা-বঢ়া কৰিবলৈ অহা তিৰোতাৰ মেলত ছয়াঁময়াকৈ দেখালৈকে ভালেখিনি কথা কব লগীয়া আছে। কমলে সেই দিনা লাহৰীক সঁচাকৈয়ে জিৰণিৰ ঔষধ হে দি আহিল । আমি সেই দিনাই কৈ আহিছোঁ যে, কমলে শেহত কোৱা কথা কেইষাৰি লাহৰীৰ মনত বৰকৈ লাগিল। লাহৰীয়ে লিখা-পঢ়া জানে বুলিও, চিঠিৰ মহিমা তেওঁ বুজা নাছিল। সেই দিনা কমলে কওঁতে হে তেওঁ এই নতুন উপায়ৰ মোল পালে। লাহৰীয়ে সেই দিনাই আৰু এটি মহৌষধ লাভ কৰিলে। তেওঁ যদিও অনেক পুথি-পাঁজিত ঈশ্বৰৰ লীলা-খেলা আৰু মহিমাৰ কথা পঢ়িছে, যদিও দেউতাকৰ লগত তেওঁ সদায় পুজা-সেৱা আদিত লাগি থাকে, তথাপি ইমান দিনলৈকে সঙ্কটৰ সময়ত ‘ঈশ্বৰ’ সুমৰণৰ যে কি প্ৰতিকাৰ তেওঁ তাৰ মহিমা বুজা নাছিল। সেইদিনা কমলে নিচেই শেহত কৈ গৈছিল, “ঈশ্বৰ আছে, তেওঁ যি কৰে”। সেই মুহূৰ্ত্তৰেপৰা সেই কথাকিটি লাহৰীৰ কোমল হিয়াত দৃঢ়ৰূপে লিখা ৰল। অহঃ, কমলৰ মুখৰ এই কথাই লাহৰীক কিমান শান্তি দিয়ে ! কমলে যি কথা কয়, সি লাহৰীৰ অন্তৰত কিমান দকৈ বহে! সেই দিনা ইমান বাউলী হৈছিল যে, তেওঁ ফুটাই কথা এষাৰিকে কব নোৱাৰিলে। [ ৮২ ] কিন্তু, তেনে বাউলী অৱস্থাতো কমলৰ কথা কেইটিয়ে লাহৰীক কিমান গুণ দিলে! এই সংসাৰত যি যাক প্ৰাণে-প্ৰাণে ভাল পায়, তেওঁৰ প্ৰাণত তেওঁৰ কথা প্ৰাণে-প্ৰাণে লাগি যায়। প্ৰিয়জনৰ মুখৰ মধুৰ কথাই উতলা হিয়াক চেঁচা কৰে। ই স্বাভাৱিক নীতি। লাহৰীয়ে সেই দিনা তেওঁৰ প্ৰাণৰ প্ৰাণ কমলৰ মুখৰপৰা সেই দুষাৰি কথাতে দুটি মহৌষধ পাই আকৌ ভালেমান দিনলৈকে স্থিৰে ৰব পৰা হল । আহিনীয়ে লাহৰীক কেঁচুৱাৰেপৰা কোলাত লৈ ডাঙৰ কৰিছিল। সৰুৰেপৰা লাহৰীক তাই বৰ মৰম কৰিছিল। আগেৰেপৰা লাহৰীয়ে যেনে কাম ভাল পায়, আহিনীয়ে তেনে কাম মৰি-পৰি কৰে। সেই দিনা পুখুৰীপাৰৰপৰা আহিয়েই লাহৰীয়ে মনে মনে আহিনীক লগত লৈ আকৌ পুখুৰীপাৰৰ ফুলনিলৈ গল । ফুলনিত গৈ লাহৰীয়ে আহিনীক লাহে-ধীৰে কবলৈ ধৰিলে, “আহিনী বাই,তোক আৰু মই ইমান দিনে কোনো কথা এই দৰে গুপুতে কব লগাত পৰা নাই। আজি তই মোৰ বৰ কাম এটা কৰি দিব লাগে। পাৰিবি নে নোৱাৰ আগেয়ে ক।”

  আহিনী।—“আইদেউ! মই নো আপোনাৰ কথা কেতিয়া নুশুনোঁ ! আপোনাৰ কথাত যদি মই মৰিবলৈকো যাব লাগে, তেও আগ বাঢ়িম ।”

 লাহৰী।—“আহিনী। তই যে মোক বৰ ভাল পাৱ, মই আগৰেপৰা জানোঁ।। সেই দেখি হে তোক আজি মোৰ এনে গুপুত কথাৰো ভাগ দিবলৈ মাতি আনিছোঁ। এতিয়া কথা হৈছে কি, তই কোনেও নজনাকৈ মোৰ চিঠি কমললৈ আৰু কমলৰ চিঠি মোলৈ নিয়া-অনা কৰিব লাগিব। পাৰিবি নে নোৱাৰ, ক এতিয়া।”

 আহিনী।—“বাৰু, আইদেউ, কৰিব লাগে।”

 লাহৰী৷— “আহিনী। তই নো মোক কিমান ভাল পাৱ, আজি ভালকৈ বুজিলোঁ। বাৰু, এতিয়া যা। মই অলপ পাচে যাম।” [ ৮৩ ]  আহিনী অহাৰ পাচত লাহৰীয়ে গুণ্-গুণ্‌কৈ কৈ নাম গাই ফুলনিৰ মাজে-মাজে ফুৰিবলৈ ধৰিলে। লাহৰী এতিয়া এনে গহীন, কোনে কব পাৰে যে, এই লাহৰীয়েই এই পুখুৰীপাৰতে অলপৰ আগেয়ে বাউলীটি হৈছিল। পাচে, সন্ধ্যা হবৰ দেখি লাহৰী ঘৰলৈ আহিল। লাহৰীৰ আইতাকেও আজি লাহৰীক এনে স্থিৰ হোৱা দেখি মনে মনে বৰ ৰং পাইছিল। তেওঁ ইটো-সিটোক ফুচ্‌ফুচাই কৈ ফুৰিছিল, “আজি আইদেউৰ মনটি ভাল দেখিছোঁ; তহঁত কোনো ওচৰলৈ নাযাবিহঁক।” আইতাকে আকৌ বাৰ জুমি চাই কলে, “মোৰ পোনাই আখৰ লিখিছে।” এই বুলি তেওঁ বুলনি-ঘৰলৈ ওলাই গল। ইফালে যে লাহৰীয়ে কি আখৰ লিখিছে তাক তেওঁ হে জানে। লাহৰীয়ে কিতাপ চাই আখৰ লিখা ভাওটিৰে আগতে কিতাপ এটি মেলি লৈ মনে মনে কমললৈ চিঠি লিখিবলৈ ধৰিছে। চিঠি লিখিবলৈ বুলি হাতত কাপ লোৱা লাহৰীৰ এয়ে প্ৰথম। সেই দিনা চিঠিত অইন বিশেষ কথা একো লিখা নাই, কেৱল আগ-ৰাতি দেউতাক আৰু আইতাকে কি মন্ত্ৰণা কৰিছিল, তাকে হে লিখিলে। লিখিলে বুলি, কমলৰ উৎপত্তিৰ কথা যি শুনিলে, তাক একোকে নিলিখিলে। কিয়নো, লাহৰীয়ে তেনে কথা লিখি কমলৰ মনত দুখ দিয়ক অন্ত, নিজৰ মনৰ দুখৰ কথা লিখিও কমলৰ মনত দুখ দিব নোখোজে। কেতিয়াবা অগত্যা একেষাৰ লিখিব লগাত পৰিলেও, তাক আন সন্তোষৰ ভাবেৰে তেওঁ ঢাকি পঠিয়ায় ।

 পিচদিনা ৰাতিপুৱাই আহিনীয়ে চিঠি লৈ কমলক দিলেগৈ। কমলে তেতিয়াই উত্তৰ নিদি আহিনীক অলপ পাচত আহিবলৈ কৈ পঠিয়ালে। কমলেও, এনে চিঠি লিখিবলৈ কাপ লোৱা আজিয়েই প্ৰথম। তথাপি,কমল এতিয়া লৰা নহয়। সৰু কালতে কমলৰ তীক্ষ্ণ বুদ্ধিৰ বিশেষ চিনাকি পোৱা গৈছিল। চিঠিৰ উত্তৰ তেওঁ এনে মৌ-বৰষাকৈ লিখিলে যে লাহৰীয়ে পঢ়ি দুখ, বেজাৰ, বিপদ সকলো পাহৰি গল ৷ তাৰ পাচত, আৰু [ ৮৪ ] দুবাৰ-তিনিবাৰমান লিখা-লিখি কৰি লাহৰীয়ে চিঠিৰ মোল সুন্দৰকৈ বুজি উঠিলে। বাস্তৱতে, চাবলৈ গলে, চিঠিয়ে পৱিত্ৰ প্ৰেমৰ ৰস যিমান উলিয়াব পাৰে, আন একোৱে সিমান নোৱাৰে। যাক প্ৰাণে-প্ৰাণে ভাল পোৱা যায়, তেনে জনলৈ চিঠি লিখি যে কেনে পবিত্ৰ সুখৰ অধিকাৰী হোৱা যায়, যি এবাৰ তেনে সুখৰ মোল পাইছে, তেওঁ হে বুজিছে । কিন্তু, সেই বুলি যেই সেই চিঠিয়েই তেনে সুখ টানিব নোৱাৰে। বৰঞ্চ, পৱিত্ৰ প্ৰেম আৰু পবিত্ৰ ভাবৰ চিঠি নহলে, প্ৰেম-পত্ৰই তাৰ বিপৰীত ফল হে জন্মায়। তেনে চিঠিয়ে বিপদৰ দুৱাৰ সোনকালে মুকলি কৰে। কিন্তু, লাহৰীয়ে কমললৈ লিখা চিঠি! অহঃ, যি কমলৰ মুখৰ দুটি কথা একেলগ কৰি, তাৰপৰা পৱিত্ৰ ভাব লৈ আৰু সঙ্কটত নিৰুপায় হৈ অদৃষ্টক সাক্ষী কৰি চিঠি লিখিবলৈ বহে, তেওঁৰ কাপে মৌ-বৰষায়, তেওঁৰ কাপে বিপদ মাৰ নিয়ায়। ইয়াৰ পাচতো কেইবাখনো চিঠি-পত্ৰ চলোৱা হল; প্ৰত্যেক খনিতে একে পৱিত্ৰ ভাব, পৱিত্ৰ কথা। লাহৰী-কমলে আগত এটা ডাঙৰ ভেটা আৰু অসংখ্য বিপদলৈকো আওকাণ কৰিছিল বুলিও, কোনো এখন চিঠিত কোনো এটি কথা ভ্ৰম বা অজ্ঞান স্বৰূপে লিখা নাছিল। লাহৰী-কমল যেন সেই সময়ত নৈতিক বলেৰে বলী আৰু দৈব জ্ঞানেৰে জ্ঞানী হৈছিল। কিয়নো, যি মুহূৰ্ত্তত কমলৰ মুখৰপৰা লাহৰীৰ আগত সেই শেহৰ কথা কেষাৰি ওলাইছিল, সেই মুহূৰ্ত্তৰেপৰা লাহৰী-কমলে আশা-ভৰসা, বেজাৰ-বিপদ সকলোকে অদৃষ্টৰ ওপৰ নিৰ্ভৰ কৰি নিশ্চিন্ত হল, সেই দিনাৰেপৰা লাহৰীয়ে বৰ্ত্তমান বিপদৰ কথা হে নালাগে, যেই-সেই কথাতে অলপ মন বেয়া লাগিলেই, অকলে অকলে পুখুৰীপাৰলৈ গৈ এটি জোপাৰ মাজত, বহি, চকু মুদি নিয়তিক ভাবিলৈ ধৰেগৈ; মনৰ শান্তি নোপোৱালৈকে লাহৰীৰ সেই আন্তৰিক উপাসনা নেভাগে। এই দৰে ভাবি ভাবি নিয়তিৰ নীতিত লাহৰীৰ বিশ্বাস এনে দৃঢ় হল যে, সেই বিশ্বাসেই [ ৮৫ ] তেওঁৰ সকলো বিপদ গুচোৱা অব্যৰ্থ মহৌষধ হৈ উঠিল। স্বৰূপতে, এই সংসাৰ-সাগৰৰ মাজত অদৃষ্ট-নিৰ্ভৰ একেখনি মাথোন আশা-তৰি। এনে বিশ্বাসে যাৰ হৃদয়ত এবাৰ ঠাই পাইছে, যাৰ হৃদয় এবাৰ এনে নৈতিক পোহৰে উজ্জ্বল কৰিছে, তেওঁ আৰু এই ভয়ঙ্কৰ সংসাৰ-সাগৰৰ বিপদটোলৈ কেৰেপ্ নকৰে। নিলগৰপৰা অনেকে অনেক কব পাৰে, কিন্তু যি এবাৰ চকু মুদি সেই নিয়তিৰ মুৰ্ত্তি হিয়াত থাপনা কৰিছে, যাৰ হৃদয় সেই শিৱ মূৰ্তিয়ে এবাৰ মঙ্গলময় কৰিছে, সি আৰু ইহ-জনমত সেই পৱিত্ৰ নামৰ মহিমা পাহৰিব নোৱাৰে। লাহৰীৰ এই উপাসনা কৰিবলৈ কোনো ঠাইৰ ঠিকনা নাই, সময় নিৰ্দ্ধাৰিত নাই; য'তে যেতিয়াই সুবিধা ঘটে, ত’তে তেতিয়াই তেওঁ উপাসনাত ধৰে ।

 এই দৰে লাহৰী আকৌ বহুত দিনলৈকে নিশ্চিন্ত আছিল। কিন্তু হাঁয়, মানুহৰ মন। একেটি বিশ্বাসে কিমান স্থিৰ ৰাখিব। সেই দিনা ৰাতিপুৱাৰপৰা খোজ-বঢ়াৰ উলহ-মালহ লাগিবৰ দেখি, লাহৰী আকৌ নিৰাশাৰ সোঁতত উটি যাবলৈ ধৰিলে, লাহৰী আকৌ সেই চেঁচুকৰ সোঁঁতত পৰি ঠেৰেঙ্গা লাগিল; লাহৰীৰ হাত-ভৰি অৱশ হৈ পৰিল। লাহৰীৰ সেই দিনাৰ অবস্থা কোৱাতকৈ অনুমানত হে বেচিকৈ বুজা যায়। সেই দিনা তিৰোতা-সমাজত কোনেও লাহৰীৰ তেনে মৰ্ম্মান্তিক বেদনাৰ প্ৰকৃত কাৰণ বুজিব পৰা নাছিল। খোজ-বঢ়া শেষ হোৱাৰ পাচত সকলো ঘৰা-ঘৰি উঠি পল। লাহৰীয়েও লাহেকৈ উঠি তেওঁৰ মহৌষধ সেৱন কৰাৰ ঠাই পুখুৰীপাৰৰ ফালে খোজ ললে। ফুলনিত গৈ এটি জোপাৰ মাজত বহি চকু মুদি সেই বিধানকাৰী বিধাতাক ভাবিবলৈ ধৰিলে। তিনিখনমান তামোল খাবৰ পৰ ধ্যানত বহি, লাহৰীয়ে চকু মেলি চাই দেখে, দেখোন সকলো মঙ্গলময় ৷ সম্পদৰ অমৃতময় আখ্যানে মন-প্ৰাণ যেন শীতল কৰি নিছে ৷ লাহৰীয়ে এই দুখ অনুভৱ কৰি অকলে অকলে হাঁহিবলৈ ধৰিলে ৷ [ ৮৬ ] অহঃ, ঔষধটিৰ কেনে গুণ! এপালিতে লাহৰীক সাংঘাতিক ৰোগৰপৰা নিস্তাৰ কৰিলে। তাৰপৰা উঠি আহি, লাহৰীয়ে ঘৰৰপৰা গোপনে লিখাৰ সঁজুলি লৈ, আকৌ সেই জোপাটিৰ মাজত বহি ললেগৈ। ইমান দিনে লাহৰী-কমলে যিবোৰ চিঠি-পত্ৰ চলাইছে, পুথিৰ কলেৱৰ বঢ়াৰ আশঙ্কাত আমি পাঠকক সেইবোৰৰ নকল দিব নোৱাৰিলোঁ । সেই কাৰণে, সিবিলাকে ইতিমধ্যত লিখা চিঠি কেখনিমানকে তাৰ আৰ্হি স্বৰুপে চাওক:-

“শ্ৰীশ্ৰীহৰি শৰণং ।”

কমল !

 ইয়াৰ অলপৰ আগেয়ে মই আকৌ বাউলী হব লগাত পৰিছিলোঁ। মোক ক্ষন্তেকৰ নিমিত্তে তুমি দিয়া জীৱনীমন্ত্ৰৰ বল-শক্তিয়ে এৰি গৈছিল। কিন্তু, তোমাৰ মহামন্ত্ৰৰ কি যে গুণ!—তাক এবাৰ মুখত লৈয়ে মই এতিয়া আকৌ সুস্থিৰ হলোঁ; মই এতিয়া আকৌ আগৰ দৰে থিৰ; মোৰ এৰি যোৱা বল-শক্তিয়ে ঘূৰি আকৌ ভাগে ভাগে মোক বল দিছেহি। নহলে তো মই তোমালৈ ইমান সোনকালে চিঠি লিখিবকে নোৱাৰিলোহেঁতেন। তুমি মোক যেনে শান্ত, ধীৰ আৰু ভাল অৱস্থাত দেখিবলৈ ভাল পোৱা, মই এতিয়া ঠিক তেনেই আছোঁ । এতেকে, মোৰ নিমিত্তে তুমি অকণো চিন্তা নকৰিবাঁ। এতিয়া, তুমিও মোৰ দৰেই সেই মহামন্ত্ৰ সুমৰি সুখে আছাঁ বুলি জানিলেই, তোমাৰ হৈ মোৰ যি এফেৰি চিন্তা আছে, তাকো পাহৰিব পাৰোঁ ৷

 কমল! আজিৰ দিনত যি হৈ গৈছে, তাক মই চিঠিৰে জনাবৰ সকাম নাই, তুমি নিজেই সকলো বুজিছাঁ, আৰু সকলো জানিছাঁ । কিন্তু কমল ! সেই বুলি তুমি কিবা বেজাৰ বা অসন্তোষ কৰিবা নে? মই জানোঁ, তুমি কেতিয়াও বেজাৰ নকৰাঁ । মই জানোঁ, তুমি মোতকৈয়ো থিৰ ৷ কমল ! মই [ ৮৭ ] অলপ পৰ চকু মুদি ঈশ্বৰক চিন্তিলেই আকৌ সুস্থিৰ হওঁ। কোনোবাই যেন মোক কাণে কাণে কৈ যায়হি যে, আমি ভয় কৰাৰ সকাম নাই । আমাৰ ঈশ্বৰ সহায়। সি যি হওক, কমল! মোৰ ই প্ৰাণে তোমাত বাজে আন কাকো নাজানে। এই জগতত মোৰ নিজৰ প্ৰাণতকৈয়ো ভাল পোৱা প্ৰাণীৰ ভিতৰত তুমিয়েই প্ৰথম। তোমাৰ পাচত হে মোৰ মৰমৰ আইতা আৰু দেউতা। কমল! এই পৃথিবীত মই যিমান দিন জীয়াই থাকোঁ, তোমাৰ প্ৰতি মোৰ ভালপোৱা অটল। মোন এই সময়ৰ জীৱনৰ ধৰণী সেই দীনবন্ধুৰ চৰণত খাটিছোঁ, যেন জন্মে-জন্মে মই তোমাৰেই হে সঙ্গিনী হবলৈ পাওঁ। এতিয়া, কমল! তুমিও যেন মোৰ দৰেই খিৰ থাকিবাঁ, ইয়াকে হে আশা কৰিলোঁ। ইতি  মৰমৰ,——লাহৰী।

    

লাহৰি!

 তোমাৰ চেনেহী চিঠিখনি পঢ়ি মোৰ হিয়াত আনন্দ উপচি পৰিছে, অন্তৰত ভাব নধৰা হৈছে। কিন্তু লাহৰি, কিনো কম, মোৰ ভাব আছে,ভাষা নাই, প্ৰকাশ কৰিবৰ উপায় নাপাওঁ। তোমাৰ দৰে খোৰতে এপাচী ভাব একঠা কথাৰে আখৈ-ফুটাবলৈ আই-সৰস্বতীয়ে মোৰ কাপ-কণ্ঠত খিত্ নিদিয়েচোন। মই অতি অভাজন, তাতে দুৰ্ভগীয়া। মোৰ সুখ-দুখলৈ মই নাভাবোঁ, কেনেবাকৈ মই হেতু হৈ তোমাৰ সুখ-শান্তি ভাঙ্গো বুলিহে সদায় ভয় কৰোঁ । সি যি হওক, লাহৰি, তুমি সকলো আশা-ভাৰসা অন্তৰ্য্যামী পৰমেশ্বৰৰ চৰণত নিৰ্ভৰ কৰি নিশ্চিত আছাঁ বুলি জানি, ময়ো এফেৰি নিশ্চিন্ত আছে। আগন্তুক আপদ-সাগৰৰপৰা কোন্ পাকে কেতিয়া কিভাৱে আমি পাৰ পামহঁক,সেইটো নেদেখাজনেহে দেখিছে ৷ আজিলৈ ইমানতে দেই,লাহৰি ৷ ইতি—

 মৰমৰ,—কমল।