পৃষ্ঠা:লাহৰী.pdf/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২১৬
লাহৰী


 কীৰ্ত্তিনাথ।—“ক’তা, এতিয়াও শূলধৰ বৰগোহাঞিৰ ঘৰৰপৰা দেখোন খোজাবঢ়া একো হোৱাই নাই। যাছি দিব খুজিছাঁ নে কি?”

 ঘৈণী।—“মই শুনিছোঁ, বোলে, অহা বিৰস্পতিবাৰে তামোল-পাণ কটাবহি হেনো।"

 তাৰ পাচত দুদিন গল। বিৰস্পতি বাৰ পালেহি। শূলধৰ বৰগোহাঞিয়েও গাৱঁৰ বিষয়া জনচাৰেক আৰু পঢ়াশালিৰ পণ্ডিতৰে সৈতে কীৰ্ত্তিনাথ গোহাঞিৰ চ'ৰাঘৰত ছোৱালী খুজিবলৈ বহিলেহি। কীৰ্ত্তিনাথ গোহাঞি ওলাই আহি, আগেয়ে বুজ নোপোৱাৰ ভাও ধৰি সুধিলে, “আজি দেখোন তামোল-পাণে সৈতে সকলোটি ! সকাম বা কি?”

 এজন বিষয়া।—“সকাম অলপ আছে। বাৰু, বহকচোন।”

 ২য়, বিষয়া।—“সকাম এই, আজি আমাৰ বৰগোহাঞি ডাঙৰীয়াৰ লৰাটিলৈ আপোনাৰ ছোৱালীটি খুজিবলৈ অহা হৈছে। আপুনি কি বোলে জানো ?”

 কীৰ্ত্তিনাথ।—“এৰা, মই নো কি বুলিম। মোৰ ছোৱালী নহয় জানিবা আপোনাসকলৰে ছোৱালী। আপোনাসকলে যেনে ভাল দেখে তাত নো মোৰ কি আপত্তি আছে! তথাপি, মাকক সুধিলে হে কব পাৰোঁ ৷ মোৰ আৰু দেখিছেই, লৰা-ছোৱালী বুলিবলৈ একেটি ছোৱালী । যাতে ছোৱালীটিৰ আগলৈ সুখ হয়, সেয়ে হে বাঞ্ছনীয় ।”

 শূলধৰ।—“হয়, বিয়ৈদেউ, হয়। মোৰো একেটি লৰা দেখিছেই। মই জীয়াই থকাখিনিত আপোনাৰ ছোৱালীয়ে কেতিয়াও দুখ নাপায়।”

 ৩য়, বিষয়া—“অ, ছোৱালী খুজিবলৈ আহোঁতেই বৰগাহাঞিদেৱে সম্বন্ধ লগালেই। হোজা মানুহ দেহি!”

 কীৰ্ত্তিনাথ ৷-“বাৰু, তেন্তে ভিতৰত সুধি আহোঁ” এই বুলি লাহেকৈ তেওঁ উঠি গল।