লাহৰী/দশম আধ্যা

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
লাহৰী
লেখক পদ্মনাথ গোহাঞিবৰুৱা
[ ৬৬ ]
১০। আধ্যা ।
ৰত্নেশ্বৰ ৰাজখোৱা ।
————•————

 গুৱাহাটীৰ পূবফালে এখন গাঁৱত ৰত্নেশ্বৰ ৰাজখোৱা নামেৰে এজন ডেকা-মানুহ আছিল। মানুহটিৰ বয়স ডেৰকুৰি বছৰমান হব । তেওঁৰ দেউতাকে বৰফুকনৰ তলে ৰাজখোৱাৰ বিষয়-বাব পাইছিল; ধনে-বস্তুৱে তেওঁ বৰ চহকী মানুহ আছিল। দেউতাকৰ মৃত্যুৰ পাচত, সেই ধন সম্পত্তি ককায়েক আৰু ৰত্নেশ্বৰৰ মাজত ভাগ-বঁটৰা হয়। ককায়েকজন মাহী-মাকৰ পুতেক। তেওঁৰ মাক মৰাৰ পাচত, ৰত্নেশ্বৰৰ মাক ঘাই গৃহিণী হৈছিল। গতিকে, ৰত্নেশ্বৰৰ মাক জীয়াই থাকোঁতে ৰত্নেশ্বৰৰ ভাগ-বস্তু যে ককায়েকতকৈ সৰহ হব, তাক কোৱা বাহুল্য মাথোন। তদুপৰি, ৰত্নেশ্বৰৰ মাকে দেউতাকে নজনাকৈয়ো আৰু কিমান যে লুকাই ৰাহী কৰি থৈছিল তাৰ হিচাপ পাবলৈকে নাই। এই কথাত ককায়েকৰ বৰ বেজাৰ হল; তেওঁ ৰত্নেশ্বৰক সেই আপাহতে যিমান পাৰে খিয়াল কৰিবলৈ ধৰিলে । যাতে ৰত্নেশ্বৰৰ ধন ভাগে, সদায় তেওঁ তাৰ হে আলচ কৰা হল। ৰত্নেশ্বৰো আগৰেপৰা বৰ খৰছী ডেকা আছিল; মাক মৰাৰ পাচৰপৰা যে তেওঁৰ হাতৰ মুকলি মুঠিয়ে বান্ধ নোলোৱাই হল। সেইদৰে আধানাৰ্জ্জিকৈ ভগন কৰি দুই-চাৰি বছৰৰ ভিতৰতে ৰত্নেশ্বৰ ফচহুটো হৈ পৰিল। তথাপি,একেবাৰে তলি উদং হোৱা নাছিল; পাচলৈ তেওঁ গা চাই ভগন কৰিবলৈ ধৰিলে। তেওঁ মানুহটি বৰ চতুৰ আৰু বুধিয়ক আছিল; দেখিবলৈকো বৰ বেয়া নহয়। মুখখনি চকলামুৱা; কিন্তু সেয়ে পকা থেকেৰা যেন ৰঙা ৷ তেতিয়ালৈকে তেওঁ বিয়া-বাৰু কৰোৱা নাই। বিয়া নকৰোৱাৰ আন কাৰণ বিশেষ একো নাছিল; কেৱল মনেবছা ছোৱালী নোপোৱাত হে [ ৬৭ ] তেওঁ বিয়া নকৰায়। কত ঠাইত বিচাৰিলে, তথাপি তেওঁ মনোমত ছোৱালী নাপালে। সদৌশেহত, নিৰাশ হৈ তেওঁ বিয়াকে নকৰাওঁ বুলি অঙ্গীকাৰ কৰিলে। সেই প্ৰতিজ্ঞাতে ধৰি প্ৰায় দুমাহমান বিয়াৰ কাৰবাৰ নকৰাকৈ তেওঁ বহি আছিল। এনে সময়তে এদিন কীৰ্কিনাথ গোহাঞিৰ ঘৰৰ ওচৰৰে এজন পামপুৰীয়া মানুহ তেওঁৰ আলহী হয়গৈ। আলহী মানুহ সোধা- পোছাত ৰত্নেশ্বৰ নামজলা লোক আছিল। এই আলহী জনকো ভালকৈ আলপৈচান ধৰোৱাত তেওঁ যথাৱত যত্ন কৰিছিল। তাতে সন্তুষ্ট হৈ, ভাত-পানী খাই উঠি আলহীয়ে ৰত্নেশ্বৰৰে সৈতে সুখৰ কথা-বাৰ্ত্তা পাতিবলৈ ধৰিলে। কথা-প্ৰসঙ্গত আলহী জনে সুধিলে, “বোপা-দেউতাই, কিনো ৰূপে-সৈতে, মানুহ অনা নাই হবলা?” ৰত্নেশ্বৰে হাঁহি মাৰি উত্তৰ দিলে, “এৰা, মই আৰু বিয়া নকৰাৱেঁই বুলিছোঁ, দেও।”

 পামপুৰীয়া।—সি কি কথা! কিনো ৰূপে-সৈতে, আপোনাৰ নো কিহে নাটিছে। আপোনাৰ এনে সম্পত্তি নো, কিনো-ৰূপে-সৈতে, কোনে খায়? আপোনাৰ, কিনো ৰূপে-সৈতে, মাক নাই, দেউতাক নাই, কিনোৰূপে-সৈতে, ঘৰখন সোনকালে পতা হে ভাল।”

 ৰত্নেশ্বৰ।—“আলহী ভকত! সেইবোৰ কথা কলে আৰু কি হয়? বিয়া কৰাবৰ মনেৰেই আজি বছেৰেকে ইমান কাৰবাৰ কৰিলে, তথাপি হৈ নুঠিল। এতিয়া আৰু বিয়াকে নকৰাওঁ বুলি অঙ্গীকাৰ কৰিলোঁ।”

 পামপুৰীয়া।—“বোপা-দেউতাই, কিনো-ৰূপে-সৈতে, কয় কি! আপুনি কাৰবাৰ কৰিলে নো, কিনে-ৰূপে-সৈতে, কোনে ছোৱালী নিদিব? আপোনাৰ নো, কিনো-ৰূপে-সৈতে, ধনেই নাই নে বস্তুৱেই নাই নে, কিনো -ৰূপে-সৈতে, কি নাই? আৰু, আপোনাৰ নো, কিনো-ৰূপে-সৈতে, ৰূপেই নাই নে গুণেই নাই! নহয়, বোপো-দেউতা, আপনি কিনো-ৰূপে-সৈতে, ঘৰখন পাতিব হে লাগে।” [ ৬৮ ]  ৰত্নেশ্বৰ।—“নহয়, আলহী ভকত! তুমি বুজা নাই। মই আজি বছেৰেকে ছোৱালী বিচৰাই মোৰ মনেবছা ছোৱালী নাপালোঁ!”

 পামপুৰীয়া।—“অঃ, কিনো-ৰূপে-সৈতে, তাকে নকয় কিয়? বোপা- দেউতা, সেইটো কথাৰ ভাৰ, কিনো-ৰূপে সৈতে, মই ললোঁ। আমাৰ গাৱঁত, কিনো-ৰূপে-সৈতে, কীৰ্ত্তিনাথ গোহাঞিৰ লাহৰী নামেৰে, কিনো-ৰূপে-সৈতে, ছোৱালী এটি আছে, কিনো ৰূপে-সৈতে, বোপা-দেউতা, কি কম! মই ডাঠকৈ কওঁ, কিনো-ৰূপে-সৈতে, আপুনি কেতিয়াও নিদাব নোৱাৰে। আৰু, ছোৱালীটিও, কিনো-ৰূপে সৈতে, আপোনাৰ হে লায়েক!”

 ৰত্নেশ্বৰ।—“এ, আলহী ভকত! তোমাৰ দৰেই কিমানে কৈছিল! পিচে, যিমান দেখিলোঁমানে, মোৰ চকুত নালাগিল।

 পামপুৰীয়া।—“বাৰু, বোপা-দেউতা, কিনো-ৰূপে সৈতে, মোৰ কথাটোকে চাওক। যেতিয়া দেখিব, কিনো-ৰূপে-সৈতে, তেতিয়াহে কব, বোলে, কিনো- ৰূপে-সৈতে, সেই গেন্ধেলাটোৱে কি কৈছিল।

 ৰত্নেশ্বৰ।—বাৰু, তেন্তে আলহী ভকত! তোমাৰ কথা মতেই আকৌ এবাৰ চোৱা যাব। তুমি নো ঘৰলৈ কেতিয়া উলটিবাঁ?

 পামপুৰীয়া।—“মই নে বোপা দেউতা? মই, কিনো-ৰূপে-সৈতে, কাইলৈ দিনটো ইয়াতে থাকিম। পৰহিমানলৈ হে, কিনো-ৰূপে সৈতে, ঈশ্বৰৰ কিৰ্‌পাত যোৱা হব।”

 ৰত্নেশ্বৰ।—এৰা, তোমাৰ লগতে যাব পাৰিলে হওঁতে বেয়া নহয়। তুমি দেখুৱাব পাৰিবা জানো?”

 পামপুৰীয়া।—“হয়, বোপা-দেউতা, কিনো-ৰূপে-সৈতে, মোৰ লগতে ওলাওক। আজিকালি হওঁতে, কিনো-ৰূপে-সৈতে, ছোৱালীটি বাহিৰলৈ নোলায়। তথাপি, কিনো-ৰূপে-সৈতে, তালৈ গৈ এটা উপায় কৰিব লাগিব।" [ ৬৯ ]  ৰত্নেশ্বৰ।-“তেন্তে সেয়ে ঠিক হ’ল। মই মোৰ লগতে পৰহিলৈ পামপুৰলৈ যাম।”

 এইবোৰ কথা-বাৰ্ত্তাৰ পাচত দুয়ো শুবলৈ গল। যথা সময়ত ৰত্নেশ্বৰে পামপুৰলৈ যাত্ৰা কৰিলে। পামপুৰত তেওঁ সেই ‘আলহী ভকত’ৰ ভকতৰ ঘৰতে আলহী হলগৈ। চাৰি-পাঁচ দিনলৈকে কাৰ্য্য সিদ্ধি হোৱা নাছিল। তাৰ পাচত, এদিন লাহৰীয়ে আগৰ দৰেই গৈ পুখুৰীৰ পাৰৰ ফুলনিত মনৰ বিষাদত গালত হাত দি, আমন্‌জিমন্‌কৈ উদাসভাৱে বহি আছে, অন্তৰৰ বিষাদে বাহিৰত সুন্দৰী লাহৰীৰ সুন্দৰ ৰূপ আৰু সুন্দৰ কৰি তুলিছে। এনেতে, ৰত্নেশ্বৰে ‘আলহী ভকত’ৰে সৈতে গৈ চকোৱাৰ সুৰুঙায় দি লাহৰীক জুমি চাবলৈ ধৰিলে। ৰত্নেশ্বৰে দেখিয়েই বিমোহিত হৈ বিতত্‌ভাৱে পামপুৰীয়াৰ ফালে চালে। এনে মোহিনী মূৰ্ত্তি তেওঁ আগেয়ে কতো দেখা নাছিল । ৰত্নেশ্বৰে আনন্দত আশাভৰা মিচিকিয়া হাঁহি মাৰি ‘আলহী ভকত’ক কলে,“আলহী ভকত! তোমাৰ কথা ঠিক। সঁচাকৈয়ে এনে সুন্দৰী ছোৱালী মই কতো কেতিয়াও দেখা নাই।” এই বুলি ৰত্নেশ্বৰে আকৌ জুমিবলৈ ধৰিলে । ‘আলহী ভকত’ৰো আনন্দ মিলিল; ভাবিলে যে, এই-চলতে তেওঁ টকাচাৰেক সৰকাৰ পাৰিব। ইয়াকে ভাবি তেওঁ ফুটাই কবলৈ ধৰিলে, “বোপা-দেউতা,মই কোৱা কথাত, কিনো-ৰূপে-সৈতে, কিমান মূইল্ আছে, ভাবি চাওক।” ৰত্নেশ্বৰে ঘনে ঘনে জুমি চায়; আৰু মাজে মাজে মাত লগায়, আৰু একোবাৰ ‘আলহী ভকত’ৰ কথালৈ কাণ দিয়ে। ভকতে হাঁহি হাঁহি কলে, “এতিয়াও কিনো-ৰূপে-সৈতে, চকুৰ তিৰ্‌পিতি কিন-ৰূপে-সৈতে, পূৰ হোৱা নাই নে বোপা-দেউতা? কিনো-ৰূপে-সৈতে, আহক আৰু; মানুহে দেখিলে, কিনো-ৰূপে-সৈতে, বেয়া বুলিব।”

 ৰত্নেশ্বৰ৷—“এৰা, নাচাওঁ আৰু, বলাঁ আলহী-ভকত, বলাঁ।” এই বুলিও আকৌ দুবাৰ জুমি চায় ! [ ৭০ ]  সদৌশেহত, দুয়ো ঘৰৰ ফালে খোজ ললে। যাওঁতে যাওঁতে বাটে বাটে দুয়ো ছোৱালী খোজা-বঢ়াৰ আলচ পাতি গৈ আছে, এনেতে পামপুৰীয়াই মাত লগালে, “এতিয়া বোপা-দেউতা, কিনো-ৰূপে-সৈতে, আমাৰ ফালেও অলপ, কিনো-ৰূপে-সৈতে, চাব লাগে নহয়।”

 ৰত্নেশ্বৰ ।—“অ, সঁচা, মই কেতিয়াও অগুণকাৰী নহওঁ। তুমি যেনে কাম কৰিলা, তেনে বঁটাও পাবাঁ।”

 পামপুৰীয়া ।—“হয়, বোপা-দেউতা, মই কিনো ৰূপে-সৈতে, এই কেদিনতে আপোনাক, কিনো-ৰূপে-সৈতে, ভালকৈ চিনিলোঁ। এতিয়া, কিনো-ৰূপে-সৈতে, আমাৰ কাম ফেৰা সিদ্ধি হলেই হয়।

 ৰত্নেশ্বৰ ৷—“এৰা, এৰা, এতিয়া আৰু বহি থকাৰ সকাম নাই। তুমি আৰু অলপ কাম কৰি দিব লাগিব দেই।”

 পামপুৰীয়া ।—“ভাল, বোপা-দেউতা, কিনো-ৰূপে-সৈতে, মই আৰু দুখীৰ দুখী অৱস্থাৰে, কিনোৰূপে-সৈতে, যি পাৰোঁ কৰি থাকিম।”

 ৰত্নেশ্বৰ ৷—“একেবাৰে থোজা-বঢ়া আদি ঠিক্‌ঠাক্ কৰি হে ঘৰলৈ উলটিম্, কি বোলাঁ?”

 পামপুৰীয়া।—“এৰা, কিনো-ৰূপে-সৈতে, ভাল কৈছে। পলম কৰাৰ আৰু,কিনো-ৰূপে-সৈতে, সকাম নাই; কাইলৈ বা পৰহিলৈ, কিনো-ৰূপে-সৈতে, ছোৱালী খুজিবগৈয়ে লাগে। বাৰু, কিনো-ৰূপে-সৈতে, তাৰ দিহা কৰা যাব।”

 এই দৰে কথা-বাৰ্ত্তা পাতি যাওঁতে যাওঁতেই দুয়ো পামপুৰীয়াৰ ঘৰ সোমালগৈ। কিন্তু, লাহৰীৰ ৰূপত মুগ্ধ, ৰত্নেশ্বৰৰ মন কীৰ্ত্তিনাথ গোহাঞিৰ লাহৰী-ফুলনিতে বন্দী হৈ ৰৈ গল। তাৰ পাচত, ৰত্নেশ্বৰে কল্পনা-চকুৰে লাহৰীৰ ৰূপ-লাৱণ্যৰ জেউতি চৰাই চাই চাই, মনে-পতা সংসাৰ-সাগৰত ওপঙিবলৈ ধৰিলে।