পৃষ্ঠা:লাহৰী.pdf/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২১৭
লাহৰী

 সিফালে ভিতৰতো তিৰোতাৰ মেল চলিছে ! খোজা-বঢ়াৰ কখা পাতি থাকোঁতে, এগৰাকীয়ে মাত লগালে,“অঃ বৰগোহাঞি ডাঙৰীয়ানীয়ে ছোৱালী খুজিবলৈ আহিছে, এতিয়া ছোৱালী চাব লাগে নহয়।”

 শূঃ ঘৈণী।—“এ, কিনো চাব লাগি দেও হে; মই নিজে কোলাত লৈ ডাঙৰ কৰা ছোৱালী সেই জনী।”

 আন এগৰাকী।—“নহয়, নহয়, তেও নিয়মটো ৰাখিব পায়।*

 সিফালে লাহৰীৰ চেষ্টাই নাই! ৰাতিপুৱাৰেপৰা কান্দোতে কান্দোতে চকুৰ পটাই কেহ্‌ৰাজৰ বৰণ ধৰিছে। খোজা-বঢ়া কৰিবলৈ মানুহ চাপিবৰপৰা যে তেওঁৰ গাত সংজ্ঞা নোহোৱাৰ দৰে হল। বাহিৰত দেখুৱাবলৈ আনোতে তেওঁ সেই পোনেই যেন পৰি যায়! চকুৰ আগে দি ভমক্ ভমক্ জুই-আঙনি ওলাইছে; চাৰিওফালে লাহৰীয়ে ধুঁৱলি-কুৱঁলী দেখিছে । বাজে-ভিতৰে মানুহৰ মেলত কি হৈছে, কি মেলিছে লাহৰীৰ গাত তাৰ একো বুজ নাই। দুধাৰি চকু-লোত বাজে এই সময়ত লাহৰীৰ গাত আন একো নাই। তাৰ পাচত এগৰাকীয়ে বুজাবলৈ ধৰিলে, “নেকান্দিবি,অ, আই! এইখনো ঘৰ, সেইখনো ঘৰ, অই কিবা দেশ এৰি বিদেশলৈ যাব লাগিছে নে? কত মানুহৰ কপালেৰে তেনেও হয়।” এনে সময়তে কীৰ্ত্তিনাথ গোহাঞি সোমাই আহিল। তিৰোতাসকলে মূৰৰ ওৰণি টানি লৈ তললৈ মূৰ কৰিলে । কীৰ্ত্তিনাথ গোহাঞিয়ে ঘৈণীক ভিতৰলৈ মাতি নি কলেগৈ, “মই একেবাৰে মত দিয়া নাই। তোমাক সোধোঁগৈ বুলি হে আহিছোঁ।”

 ঘৈণী৷—“আকৌ যাওক তেন্তে, যি হয় কওকগৈ ৷ আৰু নো কি সুধিবলৈ আছে।”

 কীৰ্ত্তিনাথ৷—“মই যাওঁ বাৰু, ছোৱালীটি বৰকৈ বিহ্বল হৈছে; অলপ মন কৰিবাঁ।” এই বুলি তেওঁ আকৌ বাহিৰলৈ ওলাই আহিল।”