পৃষ্ঠা:লাহৰী.pdf/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২১২
লাহৰী


আছে যদি, কগৈ যাচোন, বুলি, কিনো-ৰূপে-সৈতে, গুৱাহাটীৰপৰা ভাল মানুহ এজন, কিনো-ৰূপে-সৈতে, ডাঙৰীয়া-দেউতাক দেখা কৰিবলৈ আহিছে।” বেটী ছোৱালীজনীয়ে ভিতৰলৈ গৈ কীৰ্ত্তিনাথ গোহাঞিক এই কথা জনালেগৈ। কীৰ্ত্তিনাথ গোহাঞিয়ে ভিতৰত ঘৈণীৰে সৈতে লাহৰীৰ বিয়াৰ বিষয়ে আলচ পাতি আছিল। অলপ পাচত ভাঙৰীয়া ওলাই আহি এখন মেৰচাৰিত বহিল। বহিয়েই, তেওঁ পামপুৰীয়াক সুধিলে, “এওঁনো কোন্? এওঁক মই আৰু এদিন কৰবাত দেখিছিলোঁ ।” পামপুৰীয়াই ৰত্নেশ্বৰৰ আঁতি-গুৰি ভাঙ্গি সকলো কথা কবলৈ ধৰিলে। কথাপ্ৰসঙ্গত সুবিধা উলিয়াই পামপুৰীয়াই ৰত্নেশ্বৰলৈ আঙ্গুলিয়াই কলে, “এওঁ বোপা-দেউতা, কিনো-ৰূপে-সৈতে, ডাঙৰীয়া দেউতাৰ এখেত কিবা এটি সকামত হে আহিছে।” কীৰ্ত্তিনাথ গোহাঞিয়ে ৰত্নেশ্বৰৰ ফালে ঘূৰি সুধিলে, “বোপাৰ নো কি সকাম আছিল? মই তোমালোকৰ ঘৰৰ কথা জানোঁ; আমি গুৱাহাটীত থাকোঁতে তোমাৰ দেউতাৰৰে সৈতে মোৰ আলাপ-পৰিচয় আছিল।”

 ৰত্নেশ্বৰ ।-“আমাৰ কব লগীয়া সকলো কথা ডাঙৰীয়াক এওঁ ককায়েই কওক।”

 অনুমতিৰ সুবিধা পোৱা মাত্ৰকে পামপুৰীয়াই সকলো কথা ভাঙ্গি-পাতি কবলৈ ধৰিলে। অলপ পৰ থামি আকৌ কলে, “ডাঙৰীয়া-দেউতা, বোপা-দেউতাৰ ঘৰৰ ফালে, কিনো-ৰূপে-সৈতে, কবই নেলাগে; মই অলপতে গুৱাহাটীলৈ যাওঁতে, কিনো-ৰূপে-সৈতে, এওঁৰ ঘৰ-বাৰী সকলো নিজে দেখি আহিছোঁ । মোৰ কৰা নপতিয়ালেও, কিনে-ৰূপে-সৈতে, ডাঙৰীয়া দেউতাই মানুহ পঠিয়াই, কিনো-ৰূপে-সৈতে, চোৱাবও পাৰে।”

 কীৰ্ত্তিনাথ ।—“তেওঁৰ ঘৰৰ কথা তুমি কব নালাগে; ময়ো নিজেই জানোঁ আৰু দেখিছোঁ ৷ কিন্তু, মাকক সুধিলে হে কব পাৰোঁ ৷ বাৰু, তোমালোক খন্তেকমান বঁহা; মই বেগতে ভিতৰত সুধি আহোঁগৈ ৷”