[৫১]
বুদ্ধিমন্ত লোকৰ পক্ষে “বৰ্ণ” নিজৰ বৃত্তিৰ সহায়ক নহই, উন্নতিৰ বাধক হ’ল। কিন্তু যি সময়ত আৰু যেতিয়ালৈকে আৰ্য্য ধৰ্ম্ম বিহোঁতাসকলৰ উদ্দেশ্যলৈ মন ৰাখি এই ব্যৱস্থা বিলাক চলি আছিল, তেতিয়ালৈ এই ব্যৱস্থাবিলাক সমগ্ৰ সমাজৰ কাৰণে বিশেষ উপকাৰী আৰু উপযোগী আছিল।
সকলো ব্যৱস্থাকে বলবৎ ৰাখিবৰ কাৰণে ৰাজশক্তিৰ আৱশ্যক। ৰাজশক্তিৰ ৰক্ষণ ব্যতিৰেকে কোনো ব্যৱস্থা বহুদিনলৈ থাকিব নোৱাৰে। ক্ৰমে ক্ৰমে ভাৰতভূমিত ৰাজশক্তি এনে লোকৰ হাতলৈ গ’ল যি সকলে পূৰ্বৰ বিধানত শ্ৰদ্ধা পোষণ কৰিবলৈ এৰিলে। ক্ৰমে ক্ৰমে আগৰ আচাৰ বিলাক নামত পালন কৰা হল। তাৰ অৰ্থ নুবুজা হল, প্ৰকৃত নিয়ম বোৰ শিথিল হৈ আছিল। উদাহৰণ স্বৰূপে ইয়াত উল্লেখ কৰিব পাৰি যে উপনয়ন বা ব্ৰাহ্মনৰ দ্বিজাতিৰ প্ৰধান অনুষ্ঠানটো আজি কালি মাত্ৰ লৌকিকতাত পৰিবৰ্ত্তন হৈছে। ঐতিহাসিক কাৰণতো আৰু আচৰণৰ শিথিলতাতো ৰাজশক্তিও আনৰ হাতত গল। জাতি তথা সমাজ ব্যবস্থাৰ অধঃপতন ঘটিল।
আমাৰ সমাজত যিবিলাক দুখৰ উদ্ভৱ হৈছে তাৰ মূল কাৰণ দুটা বুলিব পাৰি— (১) কৰ্মহীন জীৱন আৰু (২) অৰ্থৰ বৈষম্য। আমাৰ মাজত এনে এক শ্ৰেণীৰ মানুহৰ উদ্ভৱ হৈছে যিবিলাকৰ নিৰ্দিষ্ট কাম নাই। তেওঁলোকে