পৃষ্ঠা:ভাষণ.djvu/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[৪২]

“প্ৰভাবাৰ্থায় ভূতানাং ধৰ্ম্ম প্ৰবচনম্ কৃতম্।
যঃ স্যাৎ প্ৰভব-সংযুক্তঃ স ধৰ্ম্মৰিতি নিশ্চযঃ”'॥

[মহাভাৰত শান্তি পৰ্ব।

ভূতবিলাকৰ (of all beings) প্ৰভাৱ বা উন্নতিৰ অৰ্থে ধৰ্ম্ম এই কথা কোৱা হৈছে। যি প্ৰভৱ-সংযুক্ত সেয়ে ধৰ্ম্ম। ই নিশ্চয।

 এনে ধৰণৰ কথা আমাৰ শাস্ত্ৰত অলেখ। মহাভাৰত নিজেই অনেক শাস্ত্ৰ আৰু উপদেশৰ এখন মহাসাগৰ। তাৰ ভিতৰত শান্তি পৰ্বত নানা প্ৰকাৰ নীতি আৰু উপদেশৰ সাৰ সংকলন আছে।

 এই ধৰ্ম্মৰ সাধন প্ৰণালী সাধাৰণৰ পক্ষে আচাৰ-ব্যৱহাৰ। “আচাৰ প্ৰভৱো ধৰ্ম্মঃ আচাৰাৎ মুক্তি মাপ্লযাৎ”— এনেকুৱা বচনে অনুষ্ঠান আৰু ক্ৰিয়াৰ মূল্যৰ প্ৰতি আমাৰ মনোযোগ আকৰ্ষণ কৰে। এইটো হৈছে, সাধাৰণ লোকৰ পক্ষে। প্ৰতিজন মানুহে জ্ঞান বিজ্ঞান যুক্ত হৈ নিজৰ নিজৰ কাৰণে কোনো এটা মাৰ্গ বা পথ বিচাৰি উলিযাব নোৱাৰে। সমাজবিধি কৰ্ত্তাসকলে সকলো মানুহ কি অৱস্থাত থাকি কি আচাৰ ব্যৱহাৰ পালন কৰি কি খাদ্যাখাদ্য খাই প্ৰাণ-ধাৰণ কৰিব আৰু জীৱন স্বাস্থ্য আৰু শান্তি আৰু স্বচ্ছন্দতাৰ মাজত নিয়াব পাৰিব তাৰ ব্যৱস্থা কৰে। আজিকালিৰ সমাজতো কৰে আৰু পূৰ্ব্ব পূৰ্ব্ব সমাজতো কৰিছিল। সকলো সমাজব্যবস্থাপক তথা