পৃষ্ঠা:ভাষণ.djvu/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[৪১]

 আৰ্য্য শব্দৰ অৰ্থ শ্ৰেষ্ঠ; ব্যুৎপত্তিগত অৰ্থ মূলত যি কি নাথাকক। সেই দেখি আৰ্য্য ধৰ্ম হিন্দু ধৰ্ম বুলিলে সাধাৰণতে যি বুজা যায় অকল সেই কথাই নহয়। আৰ্য্য ধৰ্মৰ অৰ্থ এই— প্ৰাচীন কালত আৰ্য্যসকলে যি ধৰ্ম আচৰণ কৰি নিজৰ নিজৰ আৰু নিজৰ সমাজৰ সংৰক্ষণ আৰু উন্নতি কৰিছিল সেই বিলাক আচৰণ, সেই বিলাক অনুষ্ঠান। ধৰ্ম্ম শব্দটোৰ অৰ্থ মই অলপ পাছতেই কৈছোঁ। বুৰঞ্জীৰ মতে আৰ্য্যবিলাকৰ বাসস্থান কেৱল ভাৰততে আৱদ্ধ আছিল। কিন্তু পাচলৈ আৰ্য্য আৰু আৰ্য্যবৰ্ত্ত আদি শব্দই ভাৰতৰ অধিবাসী আৰু ভাৰতবৰ্ষ দেশকে প্ৰধানতঃ বুজাই আহিছে। ইয়াতো ভাৰতৰ প্ৰাচীন ঋষিমুনি সকলে সমাজ তথা ৰাজ্য শাসনৰ কি ব্যৱস্থা কৰি প্ৰজা পালনৰ কি দিহা দিছিল আৰু ব্যক্তিগত জীৱনৰ সুখ শান্তি বিধানৰ কাৰণে কি উপায় উলিয়াইছিল— এই কথা সংক্ষেপ কৰি আলোচনা কৰিব খুজিছোঁ।

 ইংৰাজী শিক্ষাৰ ফলত এটা কথা হৈছে যে আমি বিশেষ কৰি হিন্দুবিলাক “ধৰ্ম্ম” শব্দটো শুনা মাত্ৰকতে ভয় খাওঁ। আমি ভাবোঁ ধৰ্ম্ম, অৰ্থ, পূজা, শ্ৰাদ্ধ, ফুল নৈবেদ্য, কাপোৰ, দক্ষিণা আৰু শেষত অৰ্থ-গৃধু, চতুৰ বুদ্ধিৰ ব্ৰাহ্মণ। মুছলমান সমাজতো আৰু খৃষ্টান সকলৰ মাজতো গুৰু-পুৰোহিতৰ প্ৰতি এনে অৱজ্ঞা আৰু অসুয়া পূৰ্ণ ভাৱৰ অভাৱ নাই। এনে ভাৱৰ কাৰণ নাই বুলিও মই কব খোজা নাই। কিন্তু সেই কথা আজিৰ আলোচ্য নহয়। শাস্ত্ৰত ধৰ্ম্ম শব্দৰ অৰ্থ বৰ ব্যাপক।