পৃষ্ঠা:ভাষণ.djvu/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[৪৫]

 চতুৰ্বৰ্গ হৈছে ধৰ্ম্ম,-অৰ্থ,-কাম-মোক্ষ। ধৰ্ম্ম শব্দৰ অৰ্থ আগত অলপ আলোচনা কৰা হৈছে। কৰ্ত্তব্য, সদাচাৰ, ক্ৰিয়াপতুতা, আদি কথাবিলাক এই অম্বয়ৰ ভিতৰত পৰে। অৰ্থ শব্দৰ অৰ্থ হৈছে জীবিকা নিৰ্ব্বাহ কৰিবৰ উপায় কৰি তাৰ পৰা ধনাদি সম্পত্তি সংগ্ৰহ আৰু তাৰ ভোগ। টকা কৰি, ঘৰদুৱাৰ, যান বাহন, মাটি-সম্পত্তি, পুত্ৰ-পৰিবাৰ, ভৃত্য-পোষ্য, বিলাসৰ উপকৰণ, ভোগৰ সামগ্ৰী— এই সকলো বিলাক অৰ্থ। আমি নানাজনে নানাৰকমে অৰ্থ উপাৰ্জ্জন কৰোঁ। কিন্তু অৰ্থৰ প্ৰকৃত ব্যৱহাৰ আমি খুব কমহে জানো। শাস্ত্ৰত আমি পাইছো

“আত্মানং ধৰ্ম্ম কৃত্যঞ্চ পুত্ৰ দাৰামাম্ চপীড়য়ম্।
মোহাদ্ মঃ প্ৰবিনোত্যৰ্থং সকদৰ্য্য ইতি স্মৃতঃ॥”

[শ্ৰীধৰ স্বামীৰ টীকা।

আকৌ “পঞ্চধা বিভজেৎ অৰ্থং যশায় চ সুখায় চ।
 ধৰ্ম্ম সঞ্চয় পৰেভ্যঃ তদৰ্থং সদুপাৰ্জিতম্॥”

[ভাগৱত ৭ম স্কন্ধ।

“ধৰ্মাৰ্থ কাম মোক্ষানাং প্ৰাণাঃ সংস্থিতি হে এব” কথাষাৰ আমাৰ সকলোৰে মুখে মুখে। ইয়াৰ বহল বাখ্যা নিস্প্ৰয়োজন।

 কাম শব্দেটোৰ অৰ্থ বিপৰ্য্যয় ঘটিছে। এতিয়া এই শব্দৰে আমি ভোগৰ আকাঙ্খা মাত্ৰ বুজো। কিন্তু কম্ ধাতুৰ মূলগত অৰ্থলৈ চালে কাম শব্দৰ প্ৰকৃত তাৎপৰ্য্য ধৰিব পাৰি। যিহক কামনা কৰা যায় সেয়ে কাম্য। যিয়েই কমনীয়, যিহে কান্তি দিয়ে সেই সকলোবিলাক “কাম”ৰ ভিতৰত পৰে।