[৫০]
চাৰি পুৰুষাৰ্থৰ কথা নকওঁ। জীৱনৰ উদ্দেশ্য লৈ এই চাৰিপুৰাষাৰ্থৰ বাহিৰেও আন আন কথা কব পাৰি; অথবা সকলো কথাকে এই চাৰিবৰ্গৰ ভিতৰত পেলাব পাৰি। বৰ্ণাশ্ৰম ধৰ্ম্মৰ দোষ গুণ উভয়ে আছে। আদিতে যে এই ধৰ্ম্মই প্ৰতিজন মানুহৰ জীৱন সুনিয়মিত কৰি দি জীৱনত সুশীলতা আৰু সমাজত সুশৃংখলতা ৰক্ষা কৰিছিল ইয়াক সহজতে বুজা যায়। ছলি এটা জন্মিলেই কেতিয়া কি কৰিব লাগিব, কোন সময়ত পঢ়িব, কোন বয়সত পঢ়া শেষ কৰিব লাগিব, কেতিয়া বিয়া কৰাব, গাৰ্হস্থ্য জীৱন অতিবাহিত কৰি কেতিয়া বানপ্ৰস্থ অৱলম্বন কৰিব ইত্যাদি কথাত কাৰো একো ভাবিবলগীয়া নাছিল। “পঞ্চাশোৰ্ধে বনং ব্ৰজেৎ”। আজিকালিৰ পেঞ্চন লোৱাৰ নিচিনা। তাৰ পাছত সন্ন্যাস। সকলো কাৰ্য্য পৰিত্যাগ কৰি ঈশ্বৰ চিন্তা।
সেইদৰে বৰ্ণধৰ্ম্মতো শিক্ষা সাং কৰি কি কৰিব লাগিব বুলি কাৰো বিমোৰত পৰাৰ আৱশ্যক নাছিল। সকলোৰে কাৰণে বৰ্ণ বা ব্যৱসায় নিৰূপিত আছে। নিজে নিজৰ ব্যৱসায় লৈ থাকিলেই জীৱন যাত্ৰাৰ কাৰণে ভাবিবলগীয়া একো নাছিল। অৱশ্যে নানান কাৰণত পৰবৰ্তী সময়ত এই ব্যৱস্থা ভাল ভাৱত চলিব নোৱাৰা হ’ল; বিশেষকৈ বৰ্ণ যেতিয়া জাতি হ’ল আৰু ব্যৱসায় হিচাবত বৰ্ণ নহৈ জন্মৰ দ্বাৰা জাতি নিৰ্ণীত হবলৈ ধৰিলে। তেতিয়া বিশিষ্ট