[৩৯]
ছলিকালত এই কথা পঢ়ি সাধুকথা যেন লাগিছিল। মহাভাৰতৰ ৰামায়ণৰ কথাও কাল্পনিক উপন্যাস বুলি ভাৱ হৈছিল। এইবিলাক আখ্যানৰ ঐতিহাসিক ভেটি থাকক বা নাথাকক, যি যি অৱস্থাত সেই সেই ঘটনা ঘটিছিল সেইবোৰ অৱস্থাযে যুগে যুগে মানুহজাতিৰ ইতিহাসত ঘটি আহিছে তাক এতিয়া বুজিব পৰা অভিজ্ঞতা আমাৰ বয়সৰ মানুহৰ হৈছে।
বৰ্ত্তমান সময় তেনে এটী যুগ পৰিবৰ্ত্তনৰ সময। বিংশ শতাব্দীৰ আগ ভাগৰ পৰা এই প্ৰায় অৰ্ধ শতাব্দীকাল মানবজাতিৰ ইতিহাসত এটা আমূল পৰিবৰ্ত্তন ঘটিব ধৰিছে, এই পৰিবৰ্ত্তনৰ শেষ ফল কি হয় কোনেও কব নোৱাৰে। অনেকে ভাবে যে এই মহাযুদ্ধৰ ফলত বৰ্ত্তমান প্ৰতীচ্য কৃষ্টিমূলক সভ্যতাৰ নাশ হব, আৰু মানব জাতি এটা ঘোৰ অন্ধকাৰ যুগৰ মাজত সোমাব লাগিব। আন কিছুমানে এই দুৰ্ব্বাৰ যুদ্ধ মহাধ্বংশৰ পাচত এটা শান্তি পূৰ্ণ আৰু সমৃদ্ধিশালী সময়ৰ আশা কৰে। এনে দুশ্চিন্তা আৰু অনিশ্চয়তা পূৰ্ণ সময়ত আমি সকলোৱে আমাৰ নিজৰ নিজৰ বুদ্ধি বৃত্তি অনুসাৰে আমাৰ কৰ্ত্তব্যাকৰ্ত্তব্য এবাৰ এবাৰ বিচাৰ কৰি চোৱা উচিত। কোৱা বাহুল্য যে আমি পাৰিলে সকলোৱে সুখ শান্তি আৰু স্বচ্ছন্দতাত পুত্ৰ পৰিবাৰ লৈ বহি থাকিবলৈ আকাঙ্খা আৰু আশা কৰোঁ।
বৰ্ত্তমান এই মহাযুদ্ধৰ মূল কাৰণ ভাবিবলৈ গলে এটা কথাত ওলাব— অৰ্থলোভ। অৰ্থলোভ নিজৰ কৰণে, নিজৰ