[৪৩]
ৰাজ্য-পালসকলৰ মুখ্য উদ্দেশ্য হব লাগে প্ৰজা-পালন। প্ৰজা-পালন অৰ্থ দোৰ্দণ্ড প্ৰতাপেৰে শাসন কৰা বা মানুহক ভয় আৰু অভাৱৰ বলত ৰাখি নিৰ্জীৱ শান্ত অৱস্থাত ৰখাই নহয়। পালন অৰ্থে ৰক্ষণ। যাৰ যি ভাল আছে তাক ৰাখিব লাগে। যাৰ যি বেয়া আছে তাক গুচাব লাগে। যাৰ দৈন্য আছে তাৰ দৈন্য গুচাব লাগে। যাৰ প্ৰাচুৰ্য্য আছে তাৰ পৰা দীনক দিয়াবৰ উপায় কৰিব লাগে। জীৱনত আনন্দ লাগে, নিৰ্ভয়তা লাগে, উৎসাই লাগে, আকাঙ্ক্ষা লাগে। বলীয়ে নিৰ্ব্বলক সহায় কৰিব লাগে; উৎপীড়ন কৰিলে বলৰ অপব্যৱহাৰ হয়। বিজ্ঞজনে অজ্ঞজনক সজশিক্ষা দিব লাগে; বুদ্ধি ভ্ৰংশ কৰালে নিজৰ আৰু সমাজৰ অপকাৰ কৰা হয়। ধনবন্তই নিৰ্ধনীক উপাৰ্জনৰ বাট দেখুৱাই দিব লালে; শোষণ কৰিলে নিজ বুদ্ধিৰ নিজৰ সামৰ্থ্যৰ সদ্ ব্যৱহাৰ কৰা নহয়। এই প্ৰকাৰে সকলোৱে মিলি জুলি সংঘবদ্ধ হৈ পৰস্পৰে পৰস্পৰৰ হিতৰ অৰ্থে জগতৰ গতি নিয়ত কৰিব লাগে।
ইয়াকে কৰিব নোৱাৰাৰ পৰা, অথবা এই লক্ষলৈ মন নকৰি নিজৰ নিজৰ সংকীৰ্ণ আৰু ক্ষুদ্ৰ স্বাৰ্থৰ অৰ্থে সকলোৱে যত্নপৰ হোৱাৰ পৰা সমাজত নানা প্ৰকাৰ দুৰ্গতি, দুৰ্নীতি, নিৰ্যাতন আৰু ভীতি সমূহৰ উৎপত্তি হৈছে। শৰীৰ ভালে থাকিবলৈ শৰীৰৰ প্ৰতি অঙ্গ ভালে থাকিব লাগে। সমাজ ভালে থাকিবলৈ সমাজৰ প্ৰতিজন লোক কুশল