পৃষ্ঠা:ভাষণ.djvu/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[৪৪]

অৱস্থাত থাকিব লাগে। আৰু জগত ভালে থাকিবলৈকে প্ৰতি সমাজ, প্ৰতি জগৎবাসী পৰস্পৰে পৰস্পৰৰ প্ৰতি মৈত্ৰী, প্ৰীতি আৰু সহানুভূতিশীল হব লাগে।

 এনে সৰল, সুন্দৰ, স্নেহশীল জীৱন তথা সমাজ গঠনৰ কাৰণে আমি তলত দিয়া প্ৰশ্ন কেইটা গভীৰ ভাৱে বিবেচনা কৰি চোৱা আৱশ্যক।

 (১) জীৱনৰ লক্ষ্য কি অৰ্থাৎ আমি কি কৰিবলৈ জীয়াই আছো আৰু জী থাকিবলৈ ইচ্ছা কৰো। (২) ইয়াৰ বাবে আমাৰ জীৱনটোক কি প্ৰকাৰে নিয়ন্ত্ৰণ কৰা উচিত।

 আৰু [৩] প্ৰতিজন মানুহে কি প্ৰকাৰে চলিলে আমি নিজে আৰু আন সকলোৱে সুখ শান্তিত থাকি, অভাব আৰু ভয়ৰ পৰা মুক্ত হৈ থাকিব পাৰিমহঁক। প্ৰেসিডেণ্ট ৰুজভেল্টে তিনি প্ৰকাৰ মুক্তি কামনা কৰে— জগৎবাসী লোকৰ পক্ষে— তাৰে দুৰকম হৈছে ভয়ৰ পৰা মুক্তি, অভাৱৰ পৰা মুক্তি।

 আৰ্য্য ধৰ্ম্মৰ ব্যৱস্থাপক সকলে এই বিলাক সমস্যা-সাধনৰ কাৰণে তিনিটা উপায় বিধান কৰি গৈছে। প্ৰথম চতুবৰ্গ, দ্বিতীয়— চতুৰ্বৰ্ণ, আৰু তৃতীয় চতুৰাশ্ৰম। সংক্ষেপতে ইয়াক বৰ্ণাশ্ৰম ধৰ্ম্ম বোলা হয়। এই বৰ্ণাশ্ৰম ধৰ্ম্মৰ কথা মই যি বুজিব পাৰিছো তাৰে চমু আলোচনা ইয়াত কৰিব ইচ্ছা কৰিছো।