পৃষ্ঠা:ভাষণ.djvu/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[৪৬]

মুঠতে কলা বিদ্যা, সুকুমাৰ শিল্প আদি শব্দেৰে যি বুজা যায় “কাম” সমষ্টিগত সেই অৰ্থত ব্যৱহৃত হৈছে। বাৎস্যায়ণ প্ৰভৃতিৰ কাম সূত্ৰত এই কথাবিলাক স্পষ্ট ভাৱে উল্লেখ আছে। শেষত মোক্ষ হ’ল সকলো সাংসাৰিক চেষ্টাৰ পৰম ফল। সংসাৰ বন্ধনৰ পৰা, মোহ দ্বেষাদিৰ পৰা, সুখ দুখ জ্ঞান আদিৰ পৰা মুক্তি।

 এই চাৰিবিধ মানুহৰ পুৰুষাৰ্থ। ধৰ্ম-অৰ্থ-কাম-মোক্ষ এই পুৰুষাৰ্থৰ লাভৰ কাৰণে মানুহে মানুহৰ জীৱন আৰু সমাজ নিয়ন্ত্ৰিত কৰি চলিব লাগে। ধৰ্ম শাস্ত্ৰ বিলাকত আমাৰ জীৱন নিয়মিত ৰূপে চলাবলৈ উপযোগী উপদেশ দিয়া আছে। মনু সংহিতা মানব ধৰ্ম শাস্ত্ৰ; অৰ্থাৎ মানুহে কি প্ৰকাৰে চলিলে চতুৰ্বৰ্গ, চাৰি পুৰুষাৰ্থ লাভ কৰি জীৱন নিয়াব পাৰে তাৰ উপদেশ দিয়া আছে।

 চাৰি পুৰুষাৰ্থৰ অৰ্থ বুজি তাক লাভ কৰিবৰ উপায়— ব্যক্তিগত জীৱনৰ শিক্ষা আৰু সমাজ বন্ধন। শিক্ষা অৰ্থত বহল ভাৱে গোটাই জীৱনৰ সকলো কৰ্তব্য কাৰ্য্যকে বুজোৱা হৈছে। ইয়াৰ কাৰণে জীৱন কালক চাৰিটা আশ্ৰমত ভগোৱা হৈছে, ব্ৰহ্মচৰ্য্য, গাৰ্হস্থ্য, বানপ্ৰস্থ আৰু সন্যাস। এই চাৰি আশ্ৰমৰ কথা সকলোৱে কিছু নহয় কিছু জানে। প্ৰতি আশ্ৰমৰ কাল, কৰ্ত্তব্য আদি ধৰ্মশাস্ত্ৰবিলাকত বিশেষ ভাৱত দিয়া আছে। উপনয়ন অৰ্থ গুৰু-গৃহলৈ শিষ্যক বা ছাত্ৰক নিয়া। এই বিলাক সাধাৰণ সকলো মানুহেই জানে। অন্ততঃ বাৰ