পৃষ্ঠা:দদাইৰ পজা.pdf/৫৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৪৭
দদাইৰ পজা

 “ইলাইজা, তেনেহলে তই ক্যানাডালৈ যাবিয়েই হয় নে?” এই মহিলাজনৰ নাম ৰেচেল্ হ্যালিডে।

 “হয়, আই, মোৰ যাবই লাগিব। মোৰ ইয়াত থাকিবলৈ সাহ নহয় আই।”

 “তাত গৈ কি কৰিবি মোৰ আই, কচোন্। তই সেই কথা ভালকৈ ভাবি চিন্তিহে যাবি দেই।”

 ইলাইজাৰ চকুৰ লো ওলাল। সেই চকুৰ লো তেওঁৰ হাতৰ সুতাৰ কামত পৰিল। হাত কঁপিল। এনে এজন মানুহৰ ওচৰৰ পৰা দূৰৈলৈ যাবলৈ লগাত বেয়া লাগিল কিন্তু তাই ডাঠকৈ কলে, “আই, যিহকে পাওঁ তাকে কৰিম। আপোনাৰ আশীৰ্বাদ থাকিলে কিবা কাম পাম।”

 ৰেচেলে ক'লে, “তই জাননে আই, তোৰ যিমান দিন ইচ্ছা যায়, তই ইয়াত থাকিব পাৰ। আৰু তই যদি ইয়াত থাক মোৰ ভালহে লাগিব।”

 “আই, মই জানোঁ। আপুনি মোৰ সঁচাসঁচিকৈয়ে আই মাতৃ। কিন্তু (হেৰিক দেখুৱাই) তাৰ নিমিত্তে মই অকণকে শুব নোৱাৰোঁ। ৰাতি টোপনী নাহে। কালি ৰাতিয়েই সপোন দেখিছিলোঁ যেন সেই মানুহটোৱে তাক লৈ যাবলৈ আহিছে।”

 “আইঔ দেহি” ৰেচেলে চকুৰ লো মচি ক'লে, “তুমি তেনেবোৰ কথা নেভাবিবা মোৰ আই। প্ৰভুৰ আদেশ যে, আমাৰ এই গাঁৱৰ পৰা কাকো কোনোৱে এনেকৈ ধৰি লৈ