পৃষ্ঠা:দদাইৰ পজা.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০
দদাইৰ পজা

কিন্তু আমাৰ আন্ধাৰ হোৱাৰ আগৈয়ে ওলোৱা ভাল নহয়। বহুত বেয়া মানুহ বাটত থাকিব পাৰে। আমাৰ “ৱেগন” খন দেখিলে সিহঁতে আমাক বলেৰে ৰখাব পাৰে আৰু সিহঁতৰ সৈতে তৰ্ক কৰোঁতে বা যুজোঁতে মিছাকৈয়ে সময় ক্ষতি হব। দুঘণ্টামান পাছত আমি যাব পাৰোঁ। মই মাইকেল ক্ৰশৰ তালৈ যাওঁ। তাৰ ভাল ঘোড়া আছে, সি ঘোড়া দৌড়াই আমাৰ পাছে পাছে যাব আৰু যদি কোনো মানুহ আমাৰ পাছ সঁচাসঁচিকৈয়ে লয়, তেনেহলে সি আমাক জনাই থাকিব পাৰিব। তাৰ ঘোড়াৰ যেনে দৌড় বন্দুকৰো তেনে। এতিয়া তেনেহলে জিম্ আৰু তাৰ মাকক মই তপতৈয়াৰ হৈ থাকিবলৈ কৈ আহোঁ গৈ। কোনো ভয় নাই, আমাৰ সিফালৰ বস্তি আমি, শত্ৰু হঁতৰ আগৈয়ে পাম গৈ। কোনো ভয় নাই। বন্ধু জৰ্জ, ভয় নেখাবি দেই। তহঁতৰ জাতৰ মানুহৰ নিমিত্তে মই আগৈয়ে বহুবাৰ এনে কাম কৰিছোঁ। এয়ে প্ৰথম নহয়। ভয় নেখাবি দেই।”

 স্বাইমনে ক'লে যে, ফিনিয়েসৰ দৰে মানুহ যেতিয়া জৰ্জৰ লগত আছে, জৰ্জৰ অকণকে ভয় নাই। কিন্তু জৰ্জৰ উত্তৰ চোৱা “আপোনা সকলৰ লিমিত্তেহে মোৰ দুখ হয়, কিমান কষ্ট এতিয়াই দিছোঁ। আৰু কিমান বিপদ আমাৰ আগত।”

 স্বাইমনে ক'লে, “বন্ধু জৰ্জ আৰু নকবা, কোনো কথা নকবা। আমাৰ বিবেক বুলি এটা বস্তু আছে, সেই বিবেকেই আমাক আদেশ দিছে। তোমালোকক আমি