পৃষ্ঠা:দদাইৰ পজা.pdf/৫৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৪৯
দদাইৰ পজা


আহি কোলাত ল’লেহি। তাক মৰম কৰিলে। ৰেচেলৰ মনতো আনন্দ, ৰুথৰ মনতো আনন্দ। মাকে ম্যাৰিক চাহৰ পানী তপতাবলৈ কলে। ম্যাৰিয়ে ততালিকৈ কুয়ালৈ গৈ কেতেলিত পানী ভৰাই আনি “ষ্টোভত" বহাই দিলে। আৰু জুইৰ তাপ পাই পানী সোনকালে উতলিল। পীচ্‌ফলবিলাকো তপতোৱা হল।

 স্বাইমন হেলিডে আহিল। এওঁয়েই ঘৰৰ গৰাকী। দীঘল, বলী, হৃষ্টপুষ্ট মানুহ। ৰুথক দেখিয়েই হাত জোকাৰি সকলোৰে কুশল বাৰ্ত্তা শুধিলে। কুশল বাৰ্ত্তা শোধাশুধি হোৱাৰ পাছত ৰেচেলে কিবা বা-বাতৰি আছে নে শুধিলে।

 স্বাইমনে মুখ ধোওঁতে ধোওঁতে ক'লে, “পীটাৰ ষ্টেবিন্সে আজি মোক ক'লে যে, আজি ৰাতিমানে সিহঁত বন্ধুৰ লগ পাবহি।”

 “হয় নে” এই বুলি ৰেচেলে ইলাইজাৰ ফালে চালে, স্বাইমনে ইলাইজাক কলে, “তোমাৰ নাম হ্যাৰিস্‌ বুলি কৈছিলা, নহয় নে?” ৰেচেলে গিৰীয়েকৰ চকুৰ ফালে চালে, এই প্ৰশ্নৰ অৰ্থ কি জানিবলৈ। ইলাইজাই ভয়ে ভয়ে “হয়” বুলি উত্তৰ দিলে। অন্তৰত ভয় যদি বা সিহঁতে তাৰ পৰা কিবা জাননী চাৰিউফালে পঠাইছে।

 তেতিয়া স্বাইমনে ৰেচেলক কলে, “সেই ল’ৰাটিৰ বাপেক আজি কুৱেকাৰ বস্তি পাইছেহি আৰু আজি ৰাতি আমাৰ

ঘৰ পাব হি।”