পৃষ্ঠা:দদাইৰ পজা.pdf/৬৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৫৮
দদাইৰ পজা

 জৰ্জে কলে, “মোৰ নিমিত্তে যেন কাৰো কোনো ক্ষতি নহয়। মই কাকো মোৰ উদ্ধাৰৰ নিমিত্তে বিপদত পেলাবলৈ নোখোঁজো। আপোনাসকলৰ কোনো চিন্তা নাই। জিম্ আৰু মোৰ গাত বল আছে। জিমৰ অসুৰৰ দৰে বল। মোৰো বল কম নহয়। আপোনাসকলে যদি গাড়ী এখন দি আমাক ইয়াৰে পৰাই বাট দেখুৱাই দিয়ে আমাৰ কাম হ’ব। আপোনাসকলে কিয় কষ্ট কৰি আহে?”

 ফিনিএসে কি উত্তৰ দিলে চোৱা। শুনা।

 ফিনিএসে ক'লে “বন্ধু তহঁত বীৰ হ’লেও, তহঁতৰ গাত অসুৰৰ দৰে বল থাকিলেও তহঁতৰ এজন সাৰথী লাগিব তো। নহলে কোনে গাড়ী চলাব? তহঁতৰ যিমান ইচ্ছা যায় তহঁতে যুজিবি। মই তহঁতৰ ৰথখন ডকাই যাম বোপাই। তহঁত থিৰ হৈ থাক। যুজ কৰিবৰ সকাম হলে ময়ো পাৰোঁ। কিন্তু তহঁতেই যুজ কৰ। মই কিন্তু সাৰথী দেই।”

 “মই আপোনাক কিয় বিপদত পেলাম?” জৰ্জে ক'লে।

 “বিপদত পেলাবি? তই যেতিয়া মোক বিপদত পেলাব খোজ, মোক কবি, দেই।"

 এতিয়া কথা হৈছে, এই আমাৰ ফিনিএস্ “কুয়েকাৰ হোৱাৰ আগৈয়ে হৃষ্টপুষ্ট বলিষ্ঠ, কৰ্ম্মী মানুহ আছিল। তেওঁ যুক্তৰাজ্যৰ অৰণ্যবাসী আছিল। যুক্তৰাজ্যৰ অৰণ্যত থাকিলে মানুহ সবল সুস্থ হব লাগে। কিয়নো পদে পদে বিপদ। এনে বিপদৰ ঠাইত থাকি আহি বন্ধু ফিনিএসে