পৃষ্ঠা:দদাইৰ পজা.pdf/৭৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৬৩
দদাইৰ পূজা৷
 

 বস্তু-বেহানী ৰখা হ’ল। ৱেগন্ খন্ ঠিকঠাক কৰা হল। ৰেচেলে গাড়ীৰ তত্ত্বাৱধান কৰিছে, ক’ত কি থাকিব, কেনেকৈ থাকিব। ফিনিয়েসে তিৰুতা আৰু শিশু সকলৰ বহাৰ বন্ধবস্ত কৰিলে।

 জিমক জৰ্জে শুধিলে “জিম তোৰ পিস্তল কেটা ঠিক আছে তো?”

 জিমে কলে, “ঠিক আছে। আকৌ আইক সিহঁতক লৈ যাবলৈ দিম নে? সিহঁতে আমাক ধৰিবলৈ আহিলে কি কৰিব লাগিব, আমি জানোঁ নহয়।” এই দুটী ল’ৰাই দুখ পাই পাই আৰু সহিব নোৱাৰি এই শেষ অৱস্থালৈ আহিছে, ধৰিবলৈ আহিলে ধৰা নিদিওঁ। হয় মৰিম, নহলে মাৰিম।

 ইলাইজাই সকলোৰে সৈতে কথা কৈ বিদায় ল’লে। আন সকলোৱেও বিদায় ল’লে। স্বাইমনে ক’লে, “বন্ধুসকল, বিদায়”(Farewell my friends). চোৱা, ধাৰ্ম্মিক মানুহ হ’লে সকলোকে বন্ধু বুলি ভাবে। কিন্তু স্বাইমন, আমি যাক ধাৰ্ম্মিক বুলি কওঁ তেনে ধাৰ্ম্মিক নাছিল। আমি ধাৰ্ম্মিক বুলিলেই সংসাৰ ত্যাগী, গৈৰিকধাৰী আৰু আন এনে বসনধাৰী মানুহৰ কথাহে ভাবোঁ। কিন্তু স্বাইমনে ধৰ্ম্ম আৰু কৰ্ম্ম দুয়োৰো উপাসক আছিল।

 স্বাইমনৰ কথা শুনি গাড়ীৰ ভিতৰৰ পৰা সকলোৱে ক’লে, “ভগবানে অপোনালোকৰ মঙ্গল কৰোক।”