পৰিয়ালে এনেকৈ গোলামক কেবাবাৰো সহায় কৰিছে। এই নিমিত্তে দায়ো লাগিছে।
ৰং মনেৰে খাঁওতে খাঁওতে নানান্ ৰকমৰ কথা হৈছে, এনেতে ৰেচেলৰ ডাঙ্গৰ পুতেকে শুধিলে “দেউতা, তোক যদি আকৌ ধৰে?”
বাপেকে উত্তৰ দিলে, “মই জৰিমনা দিম।”
“তোক যদি ফাটকত দিয়ে দেউতা?”
“তহঁতৰ আইয়েৰ আৰু তহঁতে খাত পাম চলাব নোৱাৰিবি নে?”
বাপেকে হাঁহি হাঁহি শুধিলে।
ল’ৰাটিয়ে উত্তৰ দিলে। কি মাতৃভক্তি। “আইয়ে সকলো ভাল কামকে কৰিব পাৰে। আই আমাৰ দেবী।”
এনে কথা শুনি—নানান্ কথাৰ মাজত—জৰ্জে, মাত লগালে “দেউতা, মোৰ নিমিত্তে আপোনাসকলৰ কিবা বিপদৰ কি ভয়ৰ কাৰণ আছে নে কি? কওক, দেউতা।”
“জৰ্জ, একো ভয় নকৰিবা, মুচলুমে ভয় নকৰিবা। ঈশ্বরে আমাক কিয় পঠিয়াইছে জানা নে? ভাল কাম কৰিবলৈ। যদি আমি দেখোঁ যে কামটো ভাল, ভালকৈ গমি পিটি চাই যদি দেখোঁ যে কামটো সঁচাসঁচিকৈয়ে ভাল, তেনেহলে আমাৰ সেই কামটো কৰা উচিত। যদি আমি এনে ভাল কাম কৰিব নোৱাৰোঁ, আমি মানুহ নামৰ যোগ্যয়েই নহওঁ।”