পৃষ্ঠা:দদাইৰ পজা.pdf/৫৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৪৮
দদাইৰ পজা

যাব নোৱাৰে। তোমাৰেই ল'ৰাকে প্ৰভূয়ে এনেকৈ ধৰাই লৈ যাবনে?”

 এনে খিনি সময়ত দুৱাৰখন কোনোবাই মেলিলে। পকা আপেল ফলৰ দৰে ৰঙ্গচীয়া, চুটী শকত, প্ৰফুল্লময়ী এজনী তিৰুতা দুৱাৰ মুখত থিয় দিলে হি।

 "ৰুথ, ষ্টেডম্যান।” ৰেচেলে সানন্দে আগ বাঢ়ি আগন্তু- কৰ দুয়োখন হাত ধৰি কলে, “তুমি কেনে আছা, ৰুথ্‌?"।

 “সুন্দৰে আছোঁ।” বুলি মুৰৰ সৰু টুপিটি খুলি উত্তৰ দিলে।

 “ৰুথ, এই বন্ধুজনেই ইলাইজা হেৰিস্। আৰু এই সৰু ল’ৰাটীৰ কথাকে তোমাক কৈছিলোঁ, ৰুথ।”

 ইলাইজাৰ হাত জোকাৰি ৰুথে এনে ভাবেৰে কথা ক'লে, যেন ৰুথৰ সৈতে বহুত দিনৰ চিনাকী “তোমাৰ সৈতে দেখা হোৱাত বৰ ৰং পালোঁ, ইলাইজা—এইটিয়েই তোমাৰ ল’ৰা, নহয় নে? মই তালৈ পিঠা এখন আনিছোঁ।” এই বুলি পিঠাখনি লৰাটিক দিলে। ল’ৰাটি সকলো ল’ৰাৰ দৰে লাহে লাহে আগ বাঢ়ি আহি কেঁকোৰা চুলিৰ মাজেদি লাজ- কুৰীয়া চকুৰে চাই পিঠা ডোখৰ ললেহি।।

 ৰেচেলে ৰুথক বেবীটী ক’ত শোধাত ৰুথে উত্তৰ দিলে, “সি আহিছে, কিন্তু তোমাৰ ম্যাৰিয়ে তাক দেখি আন ল'ৰা-ছোৱালীবিলাকক দেখুয়াবলৈ গৈছে।”

 এইখিনি সময়তে মাকৰ দৰে সুন্দৰ চকু থকা ম্যাৰিয়ে বেবীটিক কোলত লৈ ওলালহি। ল’ৰাটিক দেখিয়েই ৰেচেলে