পৃষ্ঠা:দদাইৰ পজা.pdf/৬৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৫৯
দদাইৰ পজা

বিপদক বিপদ বুলিয়েই নেভাবে। কুয়েকাৰ মানুহবিলাক ধৰ্ম্ম- ভীৰু, ভগবান-প্ৰেমিক, ফিনিএসেও ঠিক তেনে। কিন্তু শৰীৰৰ বল আৰু মনৰ বল কলৈ যায়? এই বিপদৰ কথা শুনি ফিনিএসে বিপদক আকোৱালি লব যেন। আনবোৰ কুয়েকাৰে (quaker) ফিনিএসৰ কোনো দোষ ক’তো নেপায়। তেওঁ এজন ভক্ত। কিন্তু শাৰীৰিক বল ক'লৈ যায়? তেওঁ এজন পুৰুষসিংহ বন্দুক মাৰাত তেওঁ পকা। তেওঁৰ কুয়েকাৰ হোৱাৰো ইতিহাস বৰ মিঠা। এটি সুন্দৰী তিৰুতা দেখি তেওঁ সেই কন্যাক বিয়া কৰালে। তেওঁ কুয়েকাৰ। সেই দেখি তেওঁও সেই অৰণ্য বাস এৰি ছোৱালীটিৰ লগত থাকিলহি। ফিনিএসৰ মন ভাল, ভাব ভাল। কুয়েকাৰ বুঢ়া সকলে একো দোষ ধৰিব নোৱাৰে দেই। দোষ নেথাকিলে এনে ধৰ্ম্মভীৰু মানুহ সকলে কেনেকৈ দোষ উলিয়ায়—কিন্তু বুঢ়া সকলে তেওঁক পুৰাপুৰি ভকত বুলি নেভাবে। কিয়নো তেওঁ বলিষ্ঠ, যুজপ্ৰিয় ( ভাল কামত অবশ্যে )।

 ৰেচেলে ক'লে, “বন্ধু ফিনিএসে যি ভাবে তাকে কৰিব আমি জানোঁ। কিন্তু তেওঁ যে সজ মানুহ আমি আটায়ে জানোঁ।”

 জৰ্জে এই খিনি সময়তে মাত লগালে “তেনেহলে আমি বেগাবেগিকৈ এতিয়া যাওঁ, পাছত গলে বেয়া হব পাৰে।”

 “মই চাৰিটা বজাত উঠি বেগাবেগিকৈ আহিলোঁ। সিহঁতে সাৰ পোৱাৰ মই দুই তিনি ঘন্টা আগৈয়ে সেই ঠাই এৰিলোঁ।