পৃষ্ঠা:দদাইৰ পজা.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২
দদাইৰ পজা ৷
 

বেবীক নিচুকাবৰ নিমিত্তে বাটীৰ গোটাই চেনি খিনি বেবীক খুৱাব। তেতিয়া কি হ’ব কোৱাচোন? মই যাওঁ দেই। ইলাইজা, গুড বাই (ভগবান তোমাৰ লগত সকলো সময়তে থাকক), জৰ্জ, গুড বাই। প্ৰভুয়ে যেন তোমালোকক নিৰাপদে ৰাখি তোমালোকৰ উদ্দেশ্য সিদ্ধি কৰে।” ৰুথ, তুমি দয়াশীলা ৰমণী। তোমাৰ দৰে ৰমণী যেন সকলো সময়তে এই পৃথিবীত বিৰাজ কৰে। ৰেচেলৰ কথা কি ক’ম? এনে ৰমণী, তিৰুতা, মহিলা আছে দেখিয়েই আমি ভাৰতবৰ্ষত দেবী পূজা কৰোঁ।

 ভাত পানী খোৱাৰ পাছত এখন ৱেগন দুৱাৰমুখলৈ আহিল। ভগবানৰ কি ইচ্ছা। সেই দিনা এইবোৰ মানুহে দাসত্বৰ পৰা মুক্তি পাব বুলিয়েই নে কি তেওঁ প্ৰকৃতিক আদেশ দিলে যে, চন্দ্ৰ তাৰকামালা সাক্ষী হৈ সকলোকে কব যে, দাসত্ব ভগবানৰ বিধান নহয়। সি বাৰু যি হওক—এই কথা ফেৰি এই অনুবাদকৰ সপোন মাথোন

 ফিনিয়েসে সকলো ঠিক‌্ঠাক্ কৰিলে। জৰ্জ ওলাই আহিল। এফালে ঘৈণীয়েক, এফালে হেৰি। মুখত একণকে ভয়ৰ চিন্ নাই, ভৰিৰ খোজ বীৰৰ দৰে। এনে বিপদত পৰিলে যেন সকলোৰে এনে পুৰুষসিংহৰ ভাব হয়। বেচেল, স্বাইমন ওলাই আহিল। সেই বসতিৰ সকলোৱেই এই দুৰ্ভগীয়া পথিক সকলক আশীৰ্ব্বাদ দিবলৈ ওলাই আহিল।