পৃষ্ঠা:দদাইৰ পজা.pdf/৩৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
২৫
টম্‌ দদাইৰ পজা।

 এনে প্ৰশ্নৰ কথা কেনেও ভবা নাছিল। সকলোৱে আচৰিত হ’ল। কিয়নো এমাহ আগৈয়ে সেই গৃহিণীৰে এটি লৰা স্বৰ্গী হৈছিল।

 মিঃ বাৰ্ডে আন পিনে চাই খিলিকিৰ ফালে গ’ল। আৰু ঘৈণীয়েকে কান্দিবলৈ ধৰিলে। কিন্তু ধৈৰ্য্য ধৰি কলে, “কিয় শুধিছা? মোৰ এটি সৰু ল’ৰা অলপতে গৈছে, কিয় শুধিছা?”

 “তেনেহলে মোৰ মনৰ ভাব অনুভব কৰি আপুনি মোক মৰম আৰু মোৰে সৈতে সহানুভূতি কৰিব। মোৰ একেটি ল’ৰা, মোৰ একেটি মাত্ৰ সম্বল এইটিক সিহঁতে মোৰ বুকুৰ পৰা কাঢ়ি লৈ যাবলৈ খুজিছিল। যেতিয়া দেখিলো দলিল পত্ৰ সকলো ঠিকঠাক, তাক বেচাও হৈ গ’ল, মই তাক লৈ তেতিয়াই পলাই আহিলোঁ। যি মানুহটোৱে এই লৰাকণক কিনিছিল সি আৰু আমাৰ গৰাকীৰ কেজনমান মানুহে তাক লৈ যাবলৈ আমাক খেদি আহিছিল। তেতিয়া মই নিৰুপায়। সিহঁতক দেখিয়েই বৰফৰ ওপৰত ততালিকৈ জপিয়াই পৰিলোঁ। কেনেকৈ যে পাৰ হলোঁ মই কব নোৱাৰোঁ। এজন মানুহে মোক এই পাৰত হাত বঢ়াই উঠাই লোৱাহে মুঠে মোৰ মনত আছে।”

 মিঃ বাৰ্ডে ছোৱালীৰ ফালে ঘুৰি চাই খপ্‌কৈ কলে, “তেনেহলে তোৰ গৰাকীজন যে মৰমীয়াল মানুহ আছিল। কেনেকৈ ক’ম?”